চি জে পিৰ নেতৃত্বত পুনেত শিক্ষাৰ্থীৰ প্ৰতিবাদ, কেন্দ্ৰৰ শৈক্ষিক অনিয়মৰ বিৰুদ্ধে সৰৱ অভিজিৎ দীপ্‌কে

dainik janambhumi June 12, 2026

ডিজিটেল ডেস্ক : কেন্দ্রীয় চৰকাৰৰ শৈক্ষিক দায়বদ্ধতাহীনতাৰ বিৰুদ্ধে কক্ৰ'চ জনতা পার্টিয়ে (চিজেপি) গ্ৰহণ কৰা আন্দোলনৰ কাৰ্যসূচী ক্ৰমাৎ ৰাষ্ট্ৰীয় প্রেক্ষাপটলৈ বিস্তাৰিত হৈ পৰিছে। চি জে পিৰ প্রতিষ্ঠাপক অভিজিৎ দীপ্‌কৰ নেতৃত্বত দিল্লীত আৰম্ভ হোৱা আন্দোলন এইবাৰ মহাৰাষ্ট্ৰৰ পুনেলৈও সম্প্ৰসাৰিত হ'ল। 

নীট ইউ জি, চি বি এছই আদিৰ পৰীক্ষা সুকলমে অনুষ্ঠিত কৰাত চূড়ান্তভাবে ব্যৰ্থ হোৱা কেন্দ্ৰীয় শিক্ষা মন্ত্রী ধর্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত বৃহস্পতিবাৰে চি জে পিৰ নেতৃত্বত পুনেৰ ৰাজপথত ব্যাপক প্রতিবাদ সাব্যস্ত কৰা হয়। পুনেৰ সাৱিত্ৰীবাঈ ফুলে পুনে বিশ্ববিদ্যালয়ৰ চৌহদত বৃহস্পতিবাৰে আবেলি ৪ বজাৰ পৰা প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ হয়। কাৰ্যসূচীৰ আৰম্ভণিতেই প্রায় ৩০০ শিক্ষার্থীয়ে চৰকাৰ-বিৰোধী প্রতিবাদত ভাগ লয়। প্রতিবাদী কাৰ্যসূচীত চি জে পিৰ নেতা অভিজিৎ দীকে আৰু লাডাখৰ বিশিষ্ট সমাজকর্মী সোণম ৱাংচুকেও ভাগ লয়। 

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে পুৱা পুনেত এখন সংবাদমেলত ভাগ লৈ চিজে পিৰ নেতা দীপ্‌কেই কয় যে বৃহস্পতিবাৰৰ পৰাই চি জে পিয়ে ৰাষ্ট্ৰজোৰা আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে। এই প্রতিবাদ শান্তিপূর্ণ আৰু সংবিধানৰ গণ্ডীৰ ভিতৰত থাকিয়ে হ'ব। পুনেৰ প্ৰতিবাদী কাৰ্যসূচীতে চি জে পিৰ 'শৈক্ষিক ইস্তাহাৰ' মুকলি কৰাৰ কথাও দীপ্‌ক্কেই প্রকাশ কৰে। উল্লেখযোগ্য যে বৃহস্পতিবাৰে পুনেৰ সাৱিত্ৰীবাঈ ফুলে পুনে বিশ্ববিদ্যালয়ৰ চৌহদত আৰম্ভহোৱা এই আন্দোলনৰ কাৰ্যসূচী পৰৱৰ্তী সময়ত বেংগালুৰু, জয়পুৰ, লক্ষ্ণৌ, অমৃতসৰৰ পাছত ২০ জুনত দিল্লীৰ যন্তৰ মন্তৰত সামৰণি পৰিব।

Share This