ডিজিটেল ডেস্ক : অসমীয়া জাতিৰ হৃদস্পন্দন, কণ্ঠশিল্পী সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ, অভিনেতা, কবি, ক্রীড়াবিদ জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাইছে অসম সাহিত্য সভাই। ৪০টা আঞ্চলিক ভাষাত ৩২ হাজাৰৰো অধিক গীত পৰিৱেশন কৰি অমৰ কীৰ্তি ৰচিবলৈ সক্ষম হোৱা বিশ্ববিখ্যাত শিল্পী জুবিন গার্গে যোৱা ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত এক দুর্ঘটনাত পতিত হৈ মৃত্যুক আঁকোৱালি লয়।
সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এটা বিবৃতিত সভাৰ সভাপতি ড° বসন্ত কুমাৰ গোস্বামী, উপ-সভাপতি পদুম ৰাজখোৱা আৰু প্ৰধান সম্পাদক দেৱজিৎ বৰাই কয়, 'অসমৰ জনগণৰ দাবীৰ ওপৰত নিৰ্ভৰ কৰি জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদান কৰিব লাগে। যিহেতু বিগত বৰ্ষসমূহত প্ৰচুৰ প্ৰতিভাসম্পন্ন এইগৰাকী ব্যক্তিৰ প্ৰতি কোনো মর্যাদাপূর্ণ সন্মান চৰকাৰীভাৱে প্ৰদান কৰা নহ'ল। তেওঁৰ অন্তিম যাত্রাত অভিলেখ সংখ্যক গুণমুগ্ধৰ অংশগ্রহণে তেওঁৰ সমাজ জীৱনত অৰিহণা কিমান তাকেই প্ৰমাণ কৰে।
সেয়ে, অসম সাহিত্য সভাই হৃদয়েৰে বাঞ্ছা কৰে যে বিশ্ববন্দিত শিল্পী জুবিন গাৰ্গক কেন্দ্ৰীয় চৰকাৰে 'ভাৰত ৰত্ন' প্ৰদান কৰিব লাগে। সভাই বিবৃতিটোত জানিবলৈ দিয়া মতে কেন্দ্ৰীয় চৰকাৰৰ লগত এই সন্দৰ্ভত অসম সাহিত্য সভাই যোগাযোগ কৰিব। প্ৰধানমন্ত্ৰীৰ লগতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাকো পত্রযোগে জুবিন গাৰ্গক মৰণোত্তৰভাৱে 'ভাৰত ৰত্ন' প্ৰদান কৰাৰ প্রসংগত যাৱতীয় ব্যৱস্থা গ্রহণ কৰিবৰ বাবে আহ্বান জনোৱা হ'ব। অসম সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিয়ে এই সিদ্ধান্ত গ্রহণ কৰে।