ডাৰউইনৰ পথেৰে জলবায়ু নিৰীক্ষণৰ লক্ষ্যঃ২০০ পৰিৱেশবিদৰ বিশ্ব ভ্ৰমণ আৰম্ভ

Jyoti Borah August 21, 2023

 ডিজিটেল ডেস্কঃ  ব্ৰিটিছ বিজ্ঞানী চাৰ্লছ ডাৰউইনে আজিৰ পৰা দুশ বছৰৰ আগতে পৃথিৱী ভ্ৰমণ কৰিছিল। ডাৰউইনে ১৮৩১ চনত দক্ষিণ ইংলেণ্ডৰ পৰা জাহাজেৰে যাত্ৰা। আৰম্ভ কৰিছিল আৰু এই ভ্ৰমণৰ জৰিয়তে তেওঁ  ক্ৰমবিকাশৰ তত্ত্ব আগবঢ়াইছিল। এতিয়া তেওঁৰ এই যাত্ৰা অনুসৰণ কৰি ২০০গৰাকী পৰিৱেশবিদ 'ডাৰউইন ২০০' নামৰ এক যাত্ৰাত ওলাইছে। তেওঁলোকে দক্ষিণ ইংলেণ্ডৰ পৰাই যোৱা ১৫ আগষ্টত যাত্ৰা আৰম্ভ কৰে। ১০৫ বছৰ পুৰণি এখন জাহাজত তেওঁলোকে ডাৰউইন ২০০ অভিযান আৰম্ভ কৰে। এই যাত্রাকালত তেওঁলোকে প্রায় ৪০ হাজাৰ মাইল ভ্ৰমণ কৰিব আৰু ৩২টা স্থানত ৰ'ব। তেওঁলোকে ডাৰউইনৰ জাহাজ এইচ এছ এছ যোৱা সকলো স্থানলৈ যাব। ডাৰউইন ২০০ গঠন কৰা ষ্টিৱাৰ্ট মকফাৰছনে তেওঁলোকে প্ৰৱাল প্ৰাচীৰত পৰা জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ অধ্যয়ন কৰিব। ইয়াৰ লগতে বন্য প্রাণীর প্রাকৃতিক নিবাস জলবায়ু পৰিৱৰ্তন কৰা ক্ষতিৰ বিষয়ের অধ্যয়ন কৰিব বিজ্ঞানীৰ দলটোৱে। তেওঁলোকৰ আন এটা লক্ষ্য হল মৰু অঞ্চল বৃদ্ধিত বাধা দিয়াৰ বাবে হাজাৰ হাজাৰ বৃক্ষ ৰোপণ কৰা। মকফৰছনে কয় যে তেওঁলোকৰ প্ৰধান উদ্দেশ্য হ'ল জলবায়ু পৰিৱৰ্তনৰ বিরুদ্ধে যুঁজ দিয়াৰ উপায় উলিওৱাটো। ইয়াৰ জৰিয়তে পৰৱর্তী ভবিষ্যৎ উন্নত কৰাত সহায় হ'ব। এই অভিযানত দৃশজন তৰুণ বিজ্ঞানীক বাছনি কৰা হৈছে আৰু তেওঁলোকে জাহাজতে ভ্ৰমণৰ সময়খিনি কটার। এই দলটো ভ্ৰমণত ওলোৱা জাহাজ নেদাৰলেণ্ডৰ। তেওঁলোকে ডারউইনে ভ্ৰমণ কৰা গালাপাগোছ আর্কিপিলাগোৰ দৰে দূৰৱর্তী অঞ্চললৈও যাব। এই প্ৰকল্পৰ অন্যতম পৃষ্ঠপোষক হ'ল ডাৰউইনৰ পৰিনাতি ছাৰা ডাৰউইন। ব্ৰিটেইনৰ প্ৰখ্যাত প্রাইমেটালজিষ্ট জেন গুডালো ইয়াৰ লগত জড়িত হৈ আছে।

Share This