ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ উত্তৰ কাশী জিলাত দেওবাৰে পুৱা পুনৰ ডাৱৰ বিস্ফোৰণৰ ফলত হোৱা ভূমিস্খলনত দুজন শ্রমিকৰ মৃত্যু হয় আৰু সাতজন শ্রমিক সন্ধানহীন হৈ আছে। চৰকাৰী প্রশাসনে প্রকাশ কৰা অনুসৰি, যমোনেত্ৰী ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ চিলাই এলেকাত এখন নির্মীয়মাণ হোটেলৰ সমীপত ১৯জন নিৰ্মাণ শ্রমিকে শিবিৰ পাতি আছিল। ডাৱৰ বিস্ফোৰণৰ ফলত অহা আকস্মিক বানৰ ধলে শ্ৰমিকসকলৰ শিবিৰটো উটুৱাই লৈ যায়। দহজন শ্রমিকক নিৰাপদে উদ্ধাৰ কৰা হয়। ২জন শ্ৰমিকৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে যদিও ৭জন শ্রমিক এতিয়াও সন্ধানহীন হৈ আছে। দেওবাৰে পুৱা প্ৰায় ৩ বজাত ডাৱৰ বিস্ফোৰণৰ ঘটনাটো সংঘটিত হয়।
ইফালে, এন ডি আৰ এফ, এছ ডি আৰ এফ আৰু আৰক্ষীয়ে অহর্নিশে উদ্ধাৰ অভিযানত নিয়োজিত হৈ আছে। মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে ৰাজ্যখনৰ প্ৰতিজন ব্যক্তিৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী বিষয়াসকলৰ সৈতে যোগাযোগ ৰাখিছে। ইফালে, উত্তৰাখণ্ড চৰকাৰে ঘোষণা কৰিছে যে প্ৰবল বৰষুণৰ বাবে এদিনৰ বাবে চাৰিধাম যাত্রা স্থগিত ৰখাৰ সিদ্ধান্ত লোৱা হৈছে। আনহাতে, ভাৰতীয় বতৰ বিজ্ঞান বিভাগে দেওবাৰ আৰু সোমবাৰে উত্তৰাখণ্ডত বৰষুণৰ 'ৰেড এলার্ট' জাৰি কৰিছে।