ডিজিটেল ডেস্ক : আগন্তুক ডিচেম্বৰ-জানুৱাৰী মাহৰ ভিতৰত কাজিৰঙাত হ'ব লগা এলিভেটেড ক'ৰিডৰৰ আধাৰশিলা স্থাপন হোৱাৰ আশা প্রকাশ কৰিছে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই। কালি কাজিৰঙাত সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰি ড° শৰ্মাই কয় যে বহু প্ৰচেষ্টাৰ মূৰত কাজিৰঙাৰ ৩২ কিল'মিটাৰ এলিভেটেড ক'ৰিডৰ আৰু চাৰিলেনযুক্ত নেশ্যনেল হাইৱেৰ অনুমোদন কেন্দ্রই দিছে। ডিচেম্বৰ জানুৱাৰী মাহত ইয়াৰ যাতে আধাৰশিলা স্থাপন কৰিব পাৰি তাৰ আশা কৰা হৈছে বুলিও তেওঁ প্রকাশ কৰে।
উল্লেখযোগ্য যে ৭১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ (পুৰণি ৩৭নং) কলিয়াবৰৰ পৰা নুমলীগড় পর্যন্ত এই পথছোৱা বিশেষকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বন্যপ্ৰাণীৰ সুৰক্ষাৰ কাৰণত চাৰিলেনযুক্ত পথলৈ উন্নীত হোৱা নাছিল। শেহতীয়াকৈ কলিয়াবৰৰ পৰা নুমলীগড় পর্যন্ত কাজিৰঙা হৈ এই পথছোৱা বন্যপ্ৰাণীৰ সুৰক্ষা হোৱাকৈ এলিভেটেড ক'ৰিডৰসহ চাৰিলেনযুক্ত পথলৈ উন্নীত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অনুমোদন জনাইছে। ইফালে, মুন্না প্রসাদ গুপ্তাৰ নেতৃত্বত ছিংগাপুৰলৈ শিল্পী জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এছ আই টি যোৱাৰ প্ৰসংগত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এছ আই টিৰ দলটো ছিংগাপুৰৰ পৰা উভতি আহি সংবাদ মাধ্যমৰ আগত সমূহ কথা সদৰী কৰিব।
আনহাতে, দীপাৱলীৰ ক্ষণত ৰাজ্যবাসীৰ মংগল কামনা কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে দীপাৱলীৰ পোহৰে সকলোকে আলোকিত কৰক। জানিব পৰা মতে, মুখ্যমন্ত্ৰীগৰাকী দেওবাৰে যোৰহাটৰ পৰা আহি কাজিৰঙাৰ কাঞ্চনজুৰিৰ পৰ্যটন নিৱাসত নিশা কটোৱাৰ পাছত কালি দিনৰ ভাগত কাজিৰঙাৰ বাগৰিৰ পৰা হেলিকপ্টাৰযোগে গুৱাহাটী অভিমুখে ৰাওনা হয়।