মুখ্যমন্ত্ৰীৰ নির্দেশত 'জুবিন ক্ষেত্র' পৰিষ্কাৰ অভিযান, শীঘ্রে নির্মাণ হ'ব চৌহদৰ দেৱাল

dainik janambhumi February 10, 2026

ডিজিটেল ডেস্ক : শীঘ্ৰেই আৰম্ভ হ'ব সোণাপুৰস্থিত জুবিন ক্ষেত্ৰৰ আন্তঃগাঁথনিৰ কাম। তাৎক্ষণিকভাৱে নিৰ্মাণ কৰা হ'ব জুবিন ক্ষেত্ৰৰ চাৰিসীমাৰ পকীবেৰ। জুবিন ক্ষেত্ৰৰ অপৰিষ্কাৰ পৰিৱেশক লৈ সূত্রপাত হোৱা বিতৰ্কৰ পাছতেই অৱশেষত গা লৰিল চৰকাৰৰ। মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাই আজিৰ ভিতৰতে জুবিন ক্ষেত্ৰ পৰিষ্কাৰ কৰাই দোকান-পোহাৰ উঠাই দি সীমাৰ বেৰ নিৰ্মাণ কৰিবলৈ জিলা আয়ুক্তক তাৎক্ষণিক নিৰ্দেশ প্রদান কৰিছে। পৰিয়ালৰ অনুৰোধৰ পাছতে মুখ্যমন্ত্ৰীগৰাকীয়ে এই নির্দেশ দিয়া বুলি সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে। 

ইফালে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পাছতেই জুবিন ক্ষেত্রক লৈ তৎপৰ হৈ পৰিছে প্রশাসনৰ দল। কালি প্ৰশাসনৰ দল উপস্থিত হৈ জুবিন ক্ষেত্ৰৰ সন্মুখত থকা দোকান-পোহাৰ আঁতৰাই দিয়াৰ লগতে ধূলি আঁতৰাই পৰিষ্কাৰৰ কাম আৰম্ভ কৰিছে। শীঘ্ৰে বাউণ্ডেৰী ৱালৰ কামৰ শুভাৰম্ভ কৰিব বুলিও প্রশাসনে ঘোষণা কৰে। উল্লেখযোগ্য যে শেহতীয়াকৈ পৰিচৰ্যাৰ অভাৱত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰ ধূলিৰে উপচি পৰাৰ লগতে কলকাতাৰ পৰা জুবিন ক্ষেত্ৰলৈ অহা এগৰাকী পৰ্যটকৰ ওচৰত লজ্জিত হৈ সামাজিক মাধ্যমত এই সন্দর্ভত এজন কেব চালকে ক্ষোভ উজৰাৰ পাছতেই লজ্জিত অনুভৱ কৰিছিল প্ৰতিগৰাকী জুবিন অনুৰাগীয়ে। আনহাতে, এই সমগ্র বিষয়ৰ সন্দৰ্ভত ফে'চবুক প'ষ্টযোগে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গার্গ, ভগ্নী পামী বৰঠাকুৰ আৰু অনুৰাগীসকলে প্রতিক্রিয়া প্রকাশ কৰিছিল। 

জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গার্গে সামাজিক মাধ্যমত 'অৱহেলিত, উপেক্ষিত আৰু এলাগী হৈ ৰ'ব নেকি জুবিনক্ষেত্র' বুলি প্রশ্ন উত্থাপন কৰি সকলোৰে প্ৰাণৰ শিল্পীগৰাকীক সামান্য যতনেৰে শান্তিত জিৰণি ল'বলৈ তেওঁৰ প্ৰাণৰ অসমখনত আমি ব্যৱস্থা কৰি দিবলৈ অপাৰগনে বুলি দুখ প্রকাশ কৰিছিল। তদুপৰি জুবিন গাৰ্গ ফেন ক্লাবেও এক ফে'চবুক প'ষ্টযোগে অৱহেলিত, উপেক্ষিত, এলাগী হৈ ৰ'ব নেকি জুবিন ক্ষেত্ৰ? নৰয়, বুলি উল্লেখ কৰি ১০ ফেব্ৰুৱাৰীৰ পুৱা ৯ বজাত জুবিন গাৰ্গ ফেন ক্লাব, জুবিন গাৰ্গৰ সংগীত শিল্পী, বন্ধুবর্গ, অনুৰাগীসকল জুবিন ক্ষেত্ৰত সমবেত হ'ব বুলি জানিবলৈ দি প্ৰাণৰ শিল্পীলৈ অনুৰাগীয়ে আগবঢ়োৱা সামগ্ৰীসমূহো সংৰক্ষণৰ বাবে সু-ব্যৱস্থ গ্রহণ কৰা হ'ব বুলি সামাজিক মাধ্যমযোগে অৱগত কৰিছিল।

Share This