প্ৰতাৰণা, শাৰীৰিক-মানসিক হাৰাশাস্তি ; RCBৰ তাৰকা খেলুৱৈৰ বিৰুদ্ধে মুখ্যমন্ত্ৰীৰ ওচৰত অভিযোগ দাখিল যুৱতীৰ

Rashmi June 29, 2025

ডিজিটেল ডেস্কঃ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ত আৰ চি বিৰ হৈ খেলা ক্ৰিকেটাৰ যশ দয়াল যেন এক বৃহৎ বিতৰ্কৰ মাজত সোমাই পৰিছে। গাজিয়াবাদৰ এগৰাকী যুৱতীয়ে যশ দয়ালৰ বিৰুদ্ধে বিবাহৰ অজুহাতত শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে। এই অভিযোগ মহিলাগৰাকীয়ে উত্তৰ প্ৰদেশ চৰকাৰৰ আই জি আৰ এছ (ইণ্টেগ্ৰেটেড গ্ৰিভেন্স ৰিড্ৰেছল চিষ্টেম)ৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ অনলাইন অভিযোগ কোষত দাখিল কৰিছে।

এই বিষয়টোক গুৰুত্বসহকাৰে লৈ মুখ্যমন্ত্রীৰ কার্যালয়ে গাজিয়াবাদৰ চি অ’ ইন্দিৰাপুৰমৰ পৰা প্রতিবেদন বিচাৰিছে৷ এই অভিযোগ ২০২৫ চনৰ ২১ জুলাইৰ ভিতৰত বাধ্যতামূলকভাৱে নিষ্পত্তি কৰিবলৈ বিষয়াসকলক নিৰ্দেশ দিয়া হৈছে।

১৪ জুনত অভিযোগ

যুৱতীগৰাকীয়ে লগতে দাবী কৰিছে যে ২০২৫ চনৰ ১৪ জুনত মহিলা হেল্পলাইন নম্বৰতো এই বিষয়ত এজাহাৰ দাখিল কৰিছিল যদিও এতিয়ালৈকে কোনো সুনিৰ্দিষ্ট ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। যুৱতীগৰাকীয়ে অভিযোগত লিখিছে যে যোৱা ৫ বছৰে যশ দয়ালৰ লগত মোৰ সম্পৰ্ক আছিল। বাৰে বাৰে বিয়াৰ প্ৰতিশ্ৰুতি দিছিল যদিও পিছলৈ পিছুৱাই গৈছিল। এই সময়ছোৱাত মোৰ শাৰীৰিক আৰু মানসিক নিৰ্যাতন চলিছিল। এতিয়া মই ন্যায় বিচাৰো। বৰ্তমান সময়ত এই বিষয়ত যশ দয়াল বা তেওঁৰ পৰিয়ালৰ কোনো আনুষ্ঠানিক সঁহাৰি পোৱা নাই।

আৰক্ষীৰ সূত্ৰ অনুসৰি অভিযোগৰ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰা হৈছে আৰু যুৱতীগৰাকীৰ পৰা বক্তব্য লৈ তথ্য পৰীক্ষা কৰা হৈছে। যদি বিষয়টো সঁচা বুলি ধৰা পৰে তেন্তে আইনী ব্যৱস্থা গ্ৰহণ কৰিব পাৰি। এই ঘটনা পোহৰলৈ অহাৰ পাছত ছ'চিয়েল মিডিয়াত যশ দয়াল সন্দৰ্ভত আলোচনা তীব্ৰতৰ হৈ পৰিছে। এনে বিতৰ্কত এজন ক্ৰিকেটাৰ জড়িত হোৱাটো প্ৰথম নহয়।

অভিযোগকাৰী যুৱতীগৰাকীয়ে এজাহাৰত অভিযোগ কৰিছে যে যেতিয়া তেওঁ গম পালে যে ক্ৰিকেটাৰগৰাকীয়ে তেওঁক প্ৰতাৰণা কৰি বিবাহৰ প্ৰতিশ্ৰুতি মাথোঁ এটা প্ৰৱঞ্চনা আছিল, তেতিয়া তেওঁ ইয়াৰ বিৰোধিতা কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ পাছত তেওঁ কেৱল মানসিক নিৰ্যাতনেই নহয় শাৰীৰিক হিংসাৰ সন্মুখীন হ’বলগীয়া হৈছিল।

উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This