কেন্দ্রীয় বিত্ত মন্ত্রী-শিক্ষা মন্ত্রীক সাক্ষাৎ মুখ্যমন্ত্ৰীৰ

dainik janambhumi May 23, 2025

ডিজিটেল ডেস্ক : বৃহস্পতিবাৰে নতুন দিল্লীত কেন্দ্রীয় বিত্ত মন্ত্রী নির্মলা সীতাৰমণক সাক্ষাৎ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ বিত্তীয় পৰিস্থিতিৰ সন্দৰ্ভত এক আলোচনাত মিলিত হয়। বৈঠকত মুখ্যমন্ত্ৰীয়ে অসম চৰকাৰে ৰাজ্যৰ অর্থনৈতিক দিশটো শক্তিশালী কৰাৰ বাবে গ্ৰহণ কৰা পদক্ষেপৰ কথা ব্যক্ত কৰি ৰাজ্যখনত অনাগত দিনত ৰূপায়ণ হ'বলগীয়া কেইবাটাও প্ৰকল্পৰ সন্দৰ্ভত আলোচনা কৰে। বিশেষকৈ নামৰূপত নতুন সাৰ কাৰখানা স্থাপনৰ কাম শীঘ্ৰে আৰম্ভ কৰাত গুৰুত্ব দি মুখ্যমন্ত্রী ড° শৰ্মাই ৰাজ্য চৰকাৰে এই ক্ষেত্ৰত হাতত লোৱা পদক্ষেপৰ কথাও অৱগত কৰে। 

আনহাতে কেন্দ্ৰীয় চৰকাৰে ৰাজ্যখনত প্রদান কৰা ধন সময়মতে মোকলাই দিয়াৰ বাবেও তেওঁ কেন্দ্রীয় বিত্ত মন্ত্ৰীগৰাকীক অনুৰোধ জনায়। প্রায় আধা ঘণ্টা সময় ধৰি হোৱা এই বৈঠকৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়- 'কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীৰ সৈতে এক ফলপ্রসূ আলোচনাত মিলিত হওঁ। প্রকৃততে মাননীয় কেন্দ্রীয় মন্ত্ৰীগৰাকীৰ প্ৰতিটো সাক্ষাততে আমি ধন্য হওঁ, এয়া আমাৰ বাবে সঁচাকৈয়ে সৌভাগ্যৰ কথা। অসমৰ বিকাশৰ ৰূপৰেখাক প্রাধান্য দি দ্রুতগতিত উন্নয়নেৰে সমৃদ্ধ হোৱা দেশৰ আন ৰাজ্যসমূহৰ ভিতৰত আমাৰ অসমে কেনেদৰে আত্মপ্রকাশ কৰিছে সেই বিষয়ত আলোচনাৰ লগতে ২০২৭-২০২৮ চনৰ ভিতৰত ১০ লাখ কোটি টকাৰ জি এছ ডি পি গঢ়ি তোলাৰ আমাৰ পৰিকল্পনাকো বৈঠকত আলোকপাত কৰা হয়।' 

উল্লেখযোগ্য যে জাগীৰোডৰ ছেমি কণ্ডাক্টৰ উদ্যোগকে ধৰি অসমত বহুকেইটা কেন্দ্রীয় প্রকল্পৰ কাম চলি আছে। আনহাতে অনাগত দিনত গুৱাহাটী ৰিং ৰোড, শিলচৰ-বৰাপানী হাইস্পীড ৰোড কৰিডৰ, কাজিৰঙাত নিৰ্মাণ কৰিব লগীয়া এলিভেটেড কৰিডৰকে ধৰি বহুকেইটা প্ৰকল্পৰ কামো আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। এনে পৰিস্থিতিত বৃহৎ অংকৰ ধন বিনিয়োগ হ'ব লগীয়া এই প্রকল্পসমূহৰ ক্ষেত্ৰত কেন্দ্রীয় বিত্ত মন্ত্ৰ্যালয়ে কিদৰে ধন মুকলি কৰি দিয়ে তাৰ ওপৰতে বহু কথা নিৰ্ভৰ কৰিব। সেয়েহে বৃহস্পতিবাৰে মুখ্যমন্ত্ৰীগৰাকীয়ে নতুন দিল্লীত কেন্দ্ৰীয় বিত্ত মন্ত্ৰীগৰাকীক সাক্ষাৎ কৰি ৰাজ্যৰ বিত্তীয় পৰিস্থিতিৰ সন্দর্ভত আলোচনাত মিলিত হোৱাটো লক্ষণীয় বিষয় হৈ পৰিছে।

Share This