ডিজিটেল ডেস্ক : ১৯ জুলাইত অসম আৰু নাগালেণ্ডত হোৱা বিধ্বংসী বানে কেৱল যে অসমকেই অনিষ্ট কৰিলে এনে নহয়, নগালেণ্ডৰো বহু অনিষ্ট হ'ল। নগালেণ্ডত কয়লা, শিল, মাটি খননক লৈ এতিয়া নগালেণ্ডৰ সাধাৰণ নাগৰিকো অসন্তুষ্ট হৈ পৰিছে। নগালেণ্ডৰ পৰা বৈ অহা পানীৰ ধলে অসম আৰু নগালেণ্ডক তচনচ কৰি পেলালে।
নগালেণ্ডৰ পৰা বৈ অহা মূলতঃ দিখৌ আৰু জাঁজী নদীৰ লগতে ইয়াৰ উপনৈসমূহত অত্যধিক পানী হোৱাৰ বাবেই অসমৰ শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাট জিলাত বানপানী হোৱাৰ লগতে নগালেণ্ডতো সেই পানীয়ে বহুত ঘৰ-দুৱাৰ ধ্বংস কৰাৰ উপৰি বাট-পথ নষ্ট কৰিলে। নগালেণ্ডৰ টুলিৰ পৰা মোককচাঙলৈ যোৱা ৬১ নং ৰাষ্ট্ৰীয় ঘাই পথটো আজিও যাতায়াতৰ বাবে সুচল হোৱা নাই। পাহাৰৰ মাটি খহি পথ বন্ধ হৈ আছে। নগালেণ্ডৰ অসম সীমান্ত পাৰ হোৱাৰ পাছৰ পৰাই বৃহৎ বৃহৎ পাহাৰ কাটি তাৰ মাটি যোৰহাট, শিৱসাগৰ, ডিব্ৰুগড়ৰ ফ'ৰলেন পথ নিৰ্মাণৰ বাবে অনাৰ ফলত পাহাৰবোৰ সমতলৰ দৰে হৈ পৰিছে। এতিয়া বৃহৎ বৃহৎ পাহাৰৰ টিলা কাটি শেষ হোৱাৰ পাছত সৰু সৰু টিলাৰ মাটি কটাত হাত দিছে।
উল্লেখযোগ্য যে নগালেণ্ডৰ সকলো বনজ সম্পদৰ ওপৰত ব্যক্তিগত অধিকাৰ দিছে সংবিধানে। সেয়ে মাটি, শিল, কয়লা, গছ আদি নগালেণ্ডৰ বাসিন্দাই ব্যক্তিগতভাবে ক্রয় বিক্রয় কৰিব পাৰে। কেইটামান টকাৰ বিনিময়ত বহু ধনাঢ্য ব্যক্তিয়ে কয়লা, শিল, মাটি আদি লীজত দিয়ে। যিসকল ব্যক্তিয়ে শিল, কয়লা, মাটি বিক্ৰী কৰে তেওঁলোক তাৰ বাসিন্দা নহয়। তেওঁলোক ডিমাপুৰ, গুৱাহাটী, দিল্লী আদিত থাকে। নগালেণ্ডৰ শিল, মাটি, কয়লাৰ বাবে পাহাৰ খান্দি ধ্বংস কৰাৰ ফলত তেওঁলোকৰ একো লোকচান নহয়। কেৱল লোকচান হয় সাধাৰণ নগা ৰাইজৰ। পাহাৰ কাটি ধ্বংস কৰাৰ বাবেই আজি মোককচাঙৰ সৈতে যোগাযোগ আৰু যাতায়াত বন্ধ হৈ আছে। ইমার্জেন্সি কামত যাব লগা হ'লেই মৰিয়নি হৈ যাব লগা হয়। যাৰ বাবে সাধাৰণ নগা ৰাইজে দুর্ভোগ ভুগিব লগা হৈছে। ইয়াৰ ফলত নগালেণ্ডৰ টুলি, ১৯ মাইল, মোককচাং আদি অঞ্চলৰ নগা লোক অসন্তুষ্ট হোৱাৰ বাতৰি আহিছে। নগালেণ্ডৰ মলং আৰু নামচাং অঞ্চলত কয়লাৰ মুক্ত খনন হয়। ১৫/২০ কিল'মিটাৰ ব্যাসাৰ্য্যৰ একোটা পাহাৰ কাটি কয়লা উলিওৱা হয়। অন্যহাতে, সেই একেদৰেই বোমা ব্লাষ্টিং কৰি শিল উলিওৱা হয়। আমগুৰি-হালোৱাটিং হৈ নগালেণ্ডলৈ যদি যোৱা হয় পথৰ দাঁতিত শতাধিক শিল ভঙা মেচিন দেখা যায়। এই শিল ব্যৱসায়ত ৰাধা, গৌৰৱ, ভাইমন, পিংকু আদি বহুকেইজন জড়িত হৈ আছে। তেওঁলোকে নগা লোকৰ পৰা এটা পাহাৰ পাঁচ-দহ বছৰলৈ লীজত লৈ ব্যৱসায় চলাই থাকে। নগালেণ্ডৰ শিল, কয়লা, মাটি খনন বন্ধ কৰিবলৈ হ'লে নগালোকৰ সহযোগ লাগিব। তেওঁলোকে নগালেণ্ডত প্রতিবাদ কৰি বন্ধ নকৰিলে অসমত প্রতিবাদ কৰি একো কৰিব নোৱাৰে।
আন্তঃৰাজ্যিক নিয়ম অনুসৰি এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যিকোনো সামগ্ৰী সৰবৰাহ কৰাৰ অধিকাৰ আছে। প্রয়োজনীয় নথি-পত্র লৈ সকলোৱেই এই ব্যৱসায় কৰাৰ অধিকাৰ আছে। অৱশ্যে নগালেণ্ডৰ অহা বহু কয়লা, শিল, মাটি গাড়ী অবৈধভাৱেও অসমত প্ৰৱেশ কৰে আৰু ইয়াতেই ৰাজনৈতিক পৃষ্ঠপোষক থাকে। তলৰ পৰা ওপৰ মহললৈকে মেনেজ কৰি অবৈধভাৱেও শিল, মাটি, কয়লা ব্যৱসায় চলি থাকে। নগালেণ্ডৰ সাধাৰণ নাগৰিকে এইবাৰ বানত জীয়াতু ভোগাৰ পাছত প্রতিবাদমুখৰ হোৱাৰ বাতৰি আহিছে। নগালেণ্ডত প্রতিবাদ হ'লেই শিল, বালি, কয়লা ব্যৱসায় বন্ধ হৈ পৰিব যদিও অসমে ইয়াত কোনো হস্তক্ষেপ কৰিব নোৱাৰে।