ডিজিটেল ডেস্ক : আমেৰিকাত বৰদিনৰ আনন্দ-উলাহৰ মাজতে প্রচণ্ড শীতে কঁপাই তুলিছে মার্কিন নাগৰিকক। শুকুৰবাৰে দেশখনৰ মধ্য পশ্চিম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন প্ৰান্তৰত প্ৰচণ্ড শীত আৰু প্ৰবল তুষাৰপাতৰ পূৰ্বানুমান কৰাৰ বাবে দেশখনত প্রায় ১০০০ বিমানৰ উৰণ বাতিল কৰা হয়।
আমেৰিকাৰ বৃহত্তম মহানগৰ নিউয়ৰ্কত শুকুৰবাৰে গোটেই নিশাৰ ভিতৰত ১০ ইঞ্চি পর্যন্ত বৰফ জমা হয়। দেশখনৰ বতৰ বিজ্ঞান বিভাগে পূর্বানুমান কৰা মতে, অহা সপ্তাহলৈকে নিউয়র্কত প্রবল তুষাৰপাত অব্যাহত থাকিব। শুকুৰবাৰে আমেৰিকাত ১১৯১খন বিমানৰ উৰণ বাতিল কৰা হয় আৰু ৩৯৭৫খন বিমান পলমকৈ উৰা মাৰিব লগা পৰিস্থিতিৰ সৃষ্টি হয়।
আনহাতে, শনিবাৰে শীতকালীন ধুমুহা দেশখনৰ উত্তৰ-পূব দিশলৈ গতি কৰিছে। অহা সপ্তাহত আমেৰিকাত বিভিন্ন অংশত প্রচণ্ড শীতে কঁপাই তুলিব বুলি বতৰ বিজ্ঞান সেৱাই পূর্বানুমান কৰিছে।