ডিজিটেল ডেস্ক: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলে ইয়াৰ বহু চৰ্চিত 'ইক' শ্বপ' আমাজন আৰু চৰকাৰী ই-ব্যৱসায় চমুকৈ GeMত মুকলি কৰিছে। ইয়াৰ জৰিয়তে উদ্যানখনৰ পার্শ্বৱর্তী অঞ্চলৰ জনসাধাৰণে প্ৰস্তুত কৰা জৈৱ বৈচিত্র্য ভিত্তিক সামগ্রীসমূহে এতিয়া দেশীয় আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰত নতুন বিপণন সুবিধা লাভ কৰিব। এই কথা প্রকাশ কৰিছে উদ্যানখনৰ ক্ষেত্ৰ সঞ্চালকে।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ সংৰক্ষিত বনাঞ্চলৰ ক্ষেত্ৰ সঞ্চালকে এক বিজ্ঞপ্তি যোগে জানিবলৈ দিয়া মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ প্ৰৱেশদ্বাৰত অৱস্থিত ইক'শ্বপ আঁচনিখন সংৰক্ষণ আৰু জীৱিকাৰ মাজত এক সুদৃঢ় সংযোগ স্থাপনৰ উদ্দেশ্যে গ্ৰহণ কৰা কাজিৰঙাৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ। পৰম্পৰাগত দক্ষতা, স্থানীয় কেঁচামাল আৰু পৰিৱেশ-অনুকূল পদ্ধতিৰে নিৰ্মিত সামগ্ৰীসমূহৰ প্ৰচাৰ আৰু বিপণনৰ জৰিয়তে এই আঁচনিয়ে স্থানীয় শিল্পী আৰু উৎপাদক গোটসমূহৰ বাবে নতুন বজাৰৰ দুৱাৰ মুকলি কৰিছে। লগতে কাজিৰঙা অঞ্চলৰ সমৃদ্ধ হস্তশিল্প ঐতিহ্যকো দেশ-বিদেশত পৰিচিত কৰি তুলিবলৈ সক্ষম হৈছে।
উল্লেখযোগ্য যে সম্পূর্ণৰূপে কাজিৰঙা ষ্টাফ ৱেলফেয়াৰ ছ'চাইটিৰ পৰিচালনাত চলা ইক'শ্বপসমূহে স্থাপনৰ মাত্ৰ দুবছৰৰ ভিতৰতে অভূতপূর্ব সফলতা অৰ্জন কৰিছে। এই শ্বপসমূহৰ জৰিয়তে হোৱা বিক্ৰীৰ পৰা স্থানীয় জনসমাজে যথেষ্ট আর্থিক লাভ কৰিছে। সঞ্চালকে জানিবলৈ দিয়া মতে, কাজিৰঙা ইক'শ্বপসমূহৰ মুঠ বিক্ৰী ২০২৪-২৫ বর্ষত ১.২৪ কোটি টকা আৰু ২০২৫-২৬ বর্ষত ১.৮৭ কোটি টকা হৈছে। ইক'শ্বপত বিভিন্নধৰণৰ হস্তনির্মিত আৰু পৰিৱেশ-অনুকূল সামগ্রী উপলব্ধ। ইয়াৰ ভিতৰত বোৱা সামগ্ৰী, বস্ত্রজাত সামগ্রী, সজ্জাসামগ্ৰী আৰু অন্যান্য জীৱিকাভিত্তিক উৎপাদন। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দৰ্শন কৰিবলৈ অহা পৰ্যটকসকলৰ মাজত বিশেষভাৱে জনপ্রিয় সামগ্ৰীসমূহৰ ভিতৰত আছে হস্ততাঁত বস্ত্ৰ, কাঠৰ শিল্পকর্ম, আচাৰ, মৌ আৰু পানী মেটেকাৰ পৰা প্ৰস্তুত পৰিৱেশ-অনুকূল সামগ্রী, যিবোৰে কাজিৰঙাৰ স্বকীয় পৰিচয় বহন কৰে।
ইফালে বস্ত্ৰ মন্ত্ৰ্যালয়ৰ সামৰ্থ আঁচনিৰ অধীনত অনুষ্ঠিত দক্ষতা বিকাশ প্রশিক্ষণ কাৰ্যসূচীৰ জৰিয়তে ৰাষ্ট্ৰীয় উদ্যানৰ কাষত বসবাস কৰা তিনি শতাধিক মহিলা লাভান্বিত হৈছে। প্রশিক্ষণপ্রাপ্ত মহিলাসকলৰ দ্বাৰা বোৱা সামগ্ৰীসমূহে ইক'শ্বপত এক সুদৃঢ় বজাৰ লাভ কৰিছে। এই সামগ্ৰীসমূহৰ অন্যতম বিশেষত্ব হৈছে পৰম্পৰাগত বন্যপ্ৰাণীৰ নক্সা সংযোজন আৰু স্থানীয় বনৰীয়া সম্পদৰ পৰা আহৰণ কৰা প্ৰাকৃতিক ৰঙৰ ব্যৱহাৰ। এই প্রশিক্ষণে শিল্পীসকলৰ পৰম্পৰাগত পৰিৱেশগত জ্ঞান আৰু হস্ততাঁত দক্ষতাক অধিক সমৃদ্ধ কৰি তুলিছে। ফলত তেওঁলোকে জৈৱ বৈচিত্র্য সম্পৰ্কীয় জ্ঞানক বজাৰোপযোগী সামগ্ৰীলৈ ৰূপান্তৰিত কৰিবলৈ সক্ষম হৈছে। আমাজন জি মার্কেটিঙৰ দৰে জনপ্রিয় অনলাইন বিপণন মঞ্চৰ সৈতে সংযোগ স্থাপনৰ জৰিয়তে শিল্পীসকলে অধিক দৃশ্যমানতা, নিয়মীয়া চাহিদা আৰু বিস্তৃত গ্রাহক ভিত্তি লাভ কৰিব বুলি আশা কৰিছে উদ্যান কর্তৃপক্ষই।
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্র সংৰক্ষিত বনাঞ্চলে পুনৰবাৰ ইয়াৰ পাৰিপাৰ্শ্বিক উন্নয়ন সমিতিৰ ব্যৱস্থাৰ জৰিয়তে সামূহিক অংশীদাৰিত্বভিত্তিক সংৰক্ষণ আৰু জীৱিকা উন্নয়নমূলক কাৰ্যসূচীৰ প্ৰতি নিজৰ অংগীকাৰ পুনৰ ব্যক্ত কৰিবলৈ সক্ষম হৈছে। স্থানীয় জ্ঞানৰ সন্মান, কুটীৰ শিল্পৰ প্ৰসাৰ আৰু অঞ্চলটোৰ সামাজিক-আর্থিক উন্নয়নত অৰিহণা যোগোৱাৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰা হৈছিলে বুলি ক্ষেত্র সঞ্চালকে মত ব্যক্ত কৰে।