পদোন্নতি হ'ব কলেজ শিক্ষকৰ, দৰমহা বৃদ্ধি পাব ঠিকাভিত্তিক অধ্যাপকৰ

dainik janambhumi June 03, 2025

ডিজিটেল ডেস্ক : বিধানসভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে শিক্ষা খণ্ডৰ লগত জড়িত
শিক্ষক-কর্মচাৰীসকলৰ সমস্যা সমাধানৰ বাবে তৎপৰ হ'বলগীয়া হৈছে ড° হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন ৰাজ্য চৰকাৰ। অপ্ৰাদেশীকৃত শিক্ষানুষ্ঠান প্রাদেশীকৃত কৰা নহ'ব বুলি দৃঢ় স্থিতি গ্রহণ কৰা ৰাজ্য চৰকাৰে অৱশেষত যোগ্যতা থকা শিক্ষানুষ্ঠান প্রাদেশিকীকৰণৰ বাবে বিধেয়কৰ খচৰা প্ৰস্তুত কৰিছে। কলেজ শিক্ষকসকলে দাবী জনাই অহা কেইবাটাও বিষয় সমাধানৰ বাবেও ৰাজ্য চৰকাৰে উদ্যোগ গ্রহণ কৰিবলগীয়া হৈছে। দেওবাৰে অসম কলেজ শিক্ষক সংস্থাৰ সৈতে হোৱা আলোচনাকালত সংস্থাই জনাই অহা কেইবাটাও দাবী মানি লৈছে ৰাজ্য চৰকাৰে। যাৰ ফলত উপযুক্ত সময়ত পদোন্নতিৰ পৰা বঞ্চিত কলেজ শিক্ষকসকলে প্রাপ্য দিনৰে পৰা পদোন্নতি লাভ কৰিব। 

আনহাতে, কলেজসমূহত ঠিকাভিত্তিকভাৱে কাম কৰি থকা শিক্ষকসকলৰ নিৰ্ধাৰিত দৰমহা ৫৫০০০ টকাৰ পৰা ৫৭৭০০ টকালৈ বৃদ্ধি কাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্য চৰকাৰে। ষষ্ঠ দৰমহা আয়োগে কলেজ শিক্ষকৰ বেচিক পে' নির্ধাৰণ কৰিছিল ৫৭,৭০০ টকা। কিন্তু মাহিলি নিৰ্ধাৰিত ৫৫০০০ টকা দৰমহা লৈও একাংশ শিক্ষকে কাম কৰি আছিল। তেওঁলোকে এতিয়াৰ পৰা কলেজ শিক্ষকে পাবলগীয়া বেচিক পে' ৫৭,৭০০ টকা লাভ কৰাৰ লগতে তেওঁলোকেও এন পি এছৰ একাউন্ট খোলাৰ সুবিধা লাভ কৰিব। উল্লেখযোগ্য যে সকলো কলেজ শিক্ষকসকলৰ পদোন্নতিৰ বাবে এক এপ্রিল ২০২৪ তাৰিখ নির্দিষ্ট কৰা হৈছিল। অৰ্থাৎ কোনো কলেজ শিক্ষকে যদি ২০২০ চনত পদোন্নতি পাবলগীয়া আছিল তেওঁ বঞ্চিত হৈছিল। দেওবাৰে নিশা দিছপুৰত কলেজ শিক্ষক সংস্থাই মুখ্যমন্ত্ৰীৰ লগত কৰা আলোচনা কালত যিটো দিনৰ পৰাই কলেজ শিক্ষকে পদোন্নতি পাব লাগে সেই দিনটোৰ পৰাই পদোন্নতিৰ সুবিধা লাভ কৰাত ৰাজ্য চৰকাৰে সন্মতি দিয়ে। 

অৱশ্যে পদোন্নতিৰ লগে লগে পাবলগীয়া বকেয়া আর্থিক সুবিধা কেনেদৰে দিয়া হ'ব সেই বিষয়ত আইনী দিশসমূহ ৰাজ্যৰ মহাধিবক্তাৰ লগত আলোচনা কৰাৰ প্ৰতিশ্ৰুতি দিয়ে মুখ্যমন্ত্রীয়ে। এই বিষয়টোক লৈ কলেজ শিক্ষক সংস্থাৰ সৈতে আলোচনাৰ দুৱাৰ মুকলি ৰাখিব ৰাজ্য চৰকাৰে। দেওবাৰে নিশা দিছপুৰত মুখ্যমন্ত্ৰী ড° শৰ্মাৰ উপস্থিতিত হোৱা আলোচনা সফল হৈছে বুলি উল্লেখ কৰে অসম কলেজ শিক্ষক সংস্থাৰ সভাপতি ড° জয়ন্ত বৰুৱাই। শিক্ষক সংস্থাই জনাই অহা দাবীসমূহ সমাধানৰ বাবে পদক্ষেপ গ্ৰহণ কৰাত ধন্যবাদ জনায় কলেজ শিক্ষক সংস্থাই। কালি নিশা হোৱা আলোচনা খুবেই সৌহার্দ্যপূর্ণ আছিল বুলি কয় শিক্ষক সংস্থাৰ সভাপতি ড° বৰুৱাই।

Share This