কলম্বিয়াৰ ৰাষ্ট্ৰপতি গোস্তাভো পেট্র'কো ট্রাম্পৰ ৰঙা চকু, ভেনিজুৱেলাৰ পৰিস্থিতিক লৈ উদ্বিগ্ন ভাৰত

dainik janambhumi January 05, 2026

ডিজিটেল ডেস্ক : আমেৰিকাৰ সেনাই ভেনিজুৱেলাত সামৰিক অভিযান চলাই দেশখনৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰো আৰু তেওঁৰ পত্নীক গ্রেপ্তাৰ কৰাৰ পাছত নিউয়ৰ্কৰ এখন কাৰাগাৰত ৰখা হৈছে। ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ এই সামৰিক অভিযানটোক লৈ সমগ্র বিশ্বতে তীব্র প্রতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াৰ লগতে দক্ষিণ আমেৰিকাৰ দেশবোৰৰ নেতাসকলো মানসিক চাপৰ সন্মুখীন হৈছে। এই নেতাসকলে আমেৰিকাৰ সামৰিক অভিযানটোক কঠোৰ ভাষাৰে সমালোচনা কৰে। ইয়াৰ মাজতে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পে কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰ'ক মুকলিকৈয়ে ভাবুকি দিয়ে। 

ট্রাম্পে শনিবাৰে নিশা এখন সংবাদমেলত কয়, 'তেওঁ কোকেইন প্ৰস্তুত কৰি আমেৰিকালৈ প্ৰেৰণ কৰিছে। সেয়েহে তেওঁ সাৱধান হৈ থকা উচিত।' উল্লেখযোগ্য যে কাৰকাছত মার্কিন সৈন্যৰ অভিযানক গৰিহণা দিয়ে। তেওঁ মাডুৰোৰ নাম নোলোৱাকৈ কয় যে ৱাশ্বিংটনে গ্ৰহণ কৰা ব্যৱস্থাক লেটিন আমেৰিকাৰ সাৰ্বভৌমত্বৰ ওপৰত আক্ৰমণ। ইয়াৰ ফলত মানৱীয় সংকটৰ সৃষ্টি হ'ব বুলি তেওঁ কয়। 

উল্লেখযোগ্য যে দক্ষিণ আমেৰিকাত ট্রাম্পে ড্ৰাগছৰ সৰবৰাহ প্ৰতিৰোধৰ বাবে মার্কিন সৈন্য মোতায়েন কৰা কাৰ্যক পেট্র'ৱে সমালোচনা কৰি আহিছে। ইফালে আমেৰিকাৰ বিদেশ মন্ত্রী মার্কো ৰুবিয়'ই এই বুলি ইংগিত দিয়ে যে ৰাষ্ট্ৰপতি ট্রাম্পৰ পৰৱৰ্তী লক্ষ্য কিউবা হ'ব পাৰে। ইফালে ৰাষ্ট্ৰপতি ট্রাম্পে কয় যে মেক্সিকোৰ বিৰুদ্ধেও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব পাৰে। তেওঁ কয় যে ৰাষ্ট্ৰপতি ক্লাউডিয়া শ্বাইনবাম এগৰাকী ভদ্র মহিলা। কিন্তু তেওঁ দেশ চলাব পৰা নাই। 

ভাৰতৰ প্ৰতিক্রিয়া: ভেনিজুৱেলাত আমেৰিকাই চলোৱা সামৰিক অভিযানত ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোক গ্ৰেপ্তাৰ কৰি আমেৰিকালৈ লৈ যোৱাৰ পাছত ভাৰতে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। নতুন দিল্লীত বিদেশ মন্ত্ৰালয়ে এটা বিবৃতিত কয় যে ভেনিজুৱেলাৰ বৰ্তমানৰ পৰিস্থিতি যথেষ্ট উদ্বেগজন আৰু ভাৰতে পৰিস্থিতিৰ ওপৰত একেৰাহে চকু ৰাখিছে। বিদেশ মন্ত্ৰালয়ে বিবৃতিত কয়, 'ভাৰতে ভেনিজুৱেলাৰ জনসাধাৰণৰ সুৰক্ষা আৰু ভাল হোৱাটো কামনা কৰে আৰু সকলো পক্ষকে আলোচনাৰ জৰিয়তে সমস্যাসমূহৰ শান্তিপূর্ণ সমাধান উলিয়াবলৈ তথা সুস্থিৰতা বাহাল ৰাখিবলৈ আহবান জনাইছে। বিদেশ মন্ত্রালয়ে লগতে প্রকাশ কৰে যে কাৰকাছত থকা ভাৰতীয় দূতাৱাসে দেশখনত ভাৰতীয় লোকসকলৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে আৰু যথাসম্ভৱ সকলো ধৰণৰ সহায় আগবঢ়োৱা হৈছে। 

ভেনিজুৱেলাত থকা ভাৰতীয় লোকসকলক সতর্ক হৈ থকাৰ আহ্বান জনাই বিদেশ মন্ত্রালয়ে অতি প্রয়োজন নহ'লে দেশখন ভ্ৰমণ কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায়। ইফালে চীনৰ বিদেশ ম্যালয়ে কয় যে ৰাষ্ট্ৰপতিজনক এনেদৰে গ্ৰেপ্তাৰ কৰি নিজৰ দেশলৈ লৈ যোৱাটো ভুল কথা। এই বিষয়টোৰ আলোচনাৰ জৰিয়তে সমাধান কৰা উচিত। চীনে মাডুৰোক মুকলি কৰি দিবলৈ দাবী জনাইছে। ইফালে উত্তৰ কোৰিয়াই আমেৰিকাৰ কাৰ্যক গুণ্ডাগিৰি বুলি অভিহিত কৰে। উত্তৰ কোৰিয়াৰ বিদেশ বিভাগে কয় যে আমেৰিকাৰ এই সামৰিক অভিযানটো কোনো এখন দেশৰ স্বাধীনতা তথা সার্বভৌমত্বত আক্রমণ।

Share This