বন্ধ হ'ল কমনৱেলথ গে'মছৰ ই ডিৰ তদন্ত

dainik janambhumi April 30, 2025

ডিজিটেল ডেস্ক : কমনৱেলথ গে'মছ ২০১০ (চি ডব্লিউ জি)ৰ সন্দৰ্ভত ধনৰ অবৈধ সৰবৰাহৰ এটা গোচৰত আইন বলৱৎকাৰী সঞ্চালকালয়ৰ তদন্ত দিল্লীৰ এখন আদালতে আনুষ্ঠানিকভাৱে বন্ধ কৰে। কেন্দ্ৰীয় সংস্থাটোৱে দাখিল কৰা তদন্ত বন্ধৰ প্ৰতিবেদন (ক্ল'জাৰ ৰিপ'ৰ্ট) আদালতে গ্রহণ কৰাৰ পাছত কেইবা বছৰজোৰা তদন্তত আঁৰ কাপোৰ পৰিল। 

আয়োজক সমিতিৰ প্রাক্তন অধ্যক্ষ সুৰেশ কালমাদী আৰু তদানীন্তন সচিব প্রধান ললিত ভানোতকে ধৰি অন্যসকলৰ সন্দৰ্ভত ই ডিয়ে দাখিল কৰা তদন্ত বন্ধৰ প্রতিবেদন আদালতে আনুষ্ঠানিকভাবে গ্রহণ কৰে। ই ডিয়ে দাখিল কৰা ক্ল'জাৰ ৰিপ'ৰ্টত কোৱা হৈছে যে তদন্তৰ সময়ত ধনৰ অবৈধ সৰবৰাহৰ অপৰাধ পোৱা নগ'ল। উল্লেখযোগ্য যে ২০১০ চনত ভাৰতত অনুষ্ঠিত কমনৱেলথ গেমছৰ সময়ত ধনৰ অবৈধ সৰবৰাহ হৈছে বুলি উঠা অভিযোগৰো এই তদন্ত বন্ধৰ প্রতিবেদনে অন্ত পেলালে। ই ডিয়ে গ্রহণ কৰা এই তদন্ত বন্ধ হ'বলৈ সময় ল'লে ১৩ বছৰ। 

উল্লেখযোগ্য যে চিবি আইৰ যিটো গোচৰৰ ভিত্তিত ই ডিয়ে ধনৰ অবৈধ সৰবৰাহৰ গোচৰ ৰুজু কৰিছিল চি বি আইৰ উক্ত গোচৰো প্ৰায় এটা দশকৰ আগতে বন্ধ হৈছিল। 'তদন্তৰ সময়ত অপৰাধত লিপ্ত কৰাব পৰা কোনো সাক্ষ্য-প্রমাণ পোৱা নহ'ল' বুলি ২০১৪ চনৰ জানুৱাৰীত চি বি আয়ে ক্ল'জাৰ ৰিপ'ৰ্ট দাখিল কৰিছিল। চি বি আয়ে আৰু কৈছিল যে এফ আই আৰত অনা দুর্নীতিৰ অভিযোগ সাব্যস্ত কৰিব পৰা নহ'ল। উল্লেখযোগ্য যে ২০১০ চনত তেতিয়াৰ ইউ পি এ চৰকাৰৰ সময়ত অনুষ্ঠিত কৰা কমনৱেলথ গেমছত দুর্নীতি হোৱা বুলি উত্থাপিত অভিযোগে দেশত ৰাজনৈতিক কোহালৰ সৃষ্টি কৰিছিল তথা বৰ্তমানৰটোকে ধৰি কেইবাটাও ফৌজদাৰী আৰু ধনৰ অবৈধ সৰবৰাহৰ গোচৰ ৰুজু কৰা হৈছিল।

Share This