চীনৰ কমিউনিষ্ট পাৰ্টিৰ গুৰুত্বপূৰ্ণ পূৰ্ণাংগ অধিৱেশন আৰম্ভ

dainik janambhumi October 21, 2025

ডিজিটেল ডেস্কঃ আমেৰিকাৰ সৈতে বাণিজ্য-উত্তেজনাই সৃষ্টি কৰা অৰ্থনৈতিক মন্থৰতা তথা সামৰিক বাহিনীৰ শীর্ষ বিষয়াৰ বৰ্খাস্তকৰণৰ মাজতে এক নতুন পঞ্চবার্ষিকী পৰিকল্পনা চূড়ান্ত কৰিবলৈ সোমবাৰে চীনৰ শাসক কমিউনিষ্ট পাৰ্টিৰ গুৰুত্বপূৰ্ণ বৈঠক আৰম্ভ হয়।

কালি আৰম্ভহোৱা ৰাষ্ট্ৰপতি ঝি জিনপিঙৰ নেতৃত্বৰ কমিউনিষ্ট পার্টি অব্ চাই নাৰ পূৰ্ণাংগ অধিৱেশন আমেৰিকাৰ সৈতে বর্ধিত ৰণকৌশলগত প্রতিযোগিতাৰ পৰিপ্ৰেক্ষিতত আটাইতকৈ গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। ২০ অক্টোবৰৰ পৰা ২৩ অক্টোবৰলৈ অনুষ্ঠিত হ'বলগীয়া এই ৰুদ্ধদ্বাৰ পূর্ণাংগ অধিৱেশনত ৰাষ্ট্ৰীয় অর্থনৈতিক আৰু সামাজিক উন্নয়নৰ বাবে পঞ্চদশ পঞ্চবার্ষিক পৰিকল্পনা (২০২৫-২০৩০) ৰ সৈতে সম্পর্ক থকা প্রধান প্রধান বিষয়বোৰ আলোচনা কৰা হ'ব।

Share This