ডিজিটেল ডেস্ক : মধ্যপ্রাচ্যত যুদ্ধ উত্তেজনাৰ বাবে ইন্ধনৰ ব্যৱহাৰ কম কৰা আৰু আমদানি আৰু বিদেশ ভ্রমণ হ্রাস কৰিবলৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শেহতীয়াকৈ দেশবাসীক আহ্বান জনোৱা সত্ত্বেও কোম্পানী অথবা তথ্য-প্রযুক্তি খণ্ডৰ কৰ্মচাৰীৰ বাবে 'ৱৰ্ক ফ্ৰম হ'ম' নীতি বাধ্যতামূলক কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে চিন্তা-চৰ্চা কৰা নাই।
কেন্দ্ৰীয় চৰকাৰৰ সূত্ৰই এই স্পষ্টীকৰণ প্ৰকাশ কৰি কয় যে প্ৰধানমন্ত্ৰীৰ মন্তব্যক ভুল বিশ্লেষণ দিয়া হৈছে আৰু 'ব্যয় কর্তন' ব্যৱস্থাটোক কিছুমান পক্ষই অশুদ্ধকৈ বৰ্ণনা কৰিছে। গোলকীয় অনিশ্চয়তা আৰু ইন্ধনৰ দাম বৃদ্ধিৰ মাজতে চৰকাৰে কোম্পানীৰ কৰ্মচাৰীসকলৰ বাবেও ঘৰৰ পৰা কাম সম্পাদন কৰাৰ বিষয়ত চর্চা চলি থকাৰ পাছত কেন্দ্ৰীয় চৰকাৰে এই স্পষ্টীকৰণ দিয়ে।
সূত্ৰটোৰ মতে, কল্যাণমূলক আঁচনি হ্রাস কৰা অথবা আন্তঃগাঁথনি উন্নয়নৰ দিশত বিনিয়োগৰ ক্ষেত্ৰত চৰকাৰী ব্যয় কৰ্তন কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ বর্তমান কোনো পৰিকল্পনা নাই।