ডিজিটেল ডেস্ক : 'এল পি জি এই সময়ত এক চিন্তাৰ বিষয় হৈ আছে।' এই কথা প্ৰকাশ কৰি কেন্দ্ৰীয় চৰকাৰে কালি কয়, অৱশ্যে কোনো বিতৰণ কেন্দ্ৰত গেছৰ চিলিণ্ডাৰ শেষ হৈ যোৱাৰ বাতৰি পোৱা হোৱা নাই।
চৰকাৰে আৰু আশ্বাস দিয়ে যে মধ্যপ্রাচ্যত যুদ্ধ চলি থকা সত্ত্বেও খাৰুৱা তেল, পেট্রল, ডিজেল আৰু এল পি জিৰ যোগান দেশত অব্যাহত আছে। পেট্রলিয়াম আৰু প্রাকৃতিক গেছ মন্ত্ৰ্যালয়ে কয় যে পেট্রল, ডিজেলৰ নাটনি হোৱা নাই, কিন্তু হৰমুজ প্রণালী বন্ধ হোৱাৰ বাবে আমাৰ বাবে এল পি জি চিন্তাৰ বিষয় হৈ আছে।
উল্লেখযোগ্য যে ভাৰত হৈছে এল পি জিৰ বিশ্বৰ দ্বিতীয় বৃহত্তম ক্রেতা। ভাৰতে আমদানি কৰা এল পি জিৰ ৯০ শতাংশই আহে বৰ্তমান ইৰানে বন্ধ কৰি ৰখা হৰমুজ প্ৰণালীৰ মাজেৰে।