আত্মবিশ্বাস, পৰিশ্ৰম আৰু ৰাহুল গান্ধী

Jitumoni Borah September 01, 2023

ডিজিটেল ডেস্কঃ আত্মবিশ্বাস সফলতাৰ প্ৰধান চাবি-কাঠি৷ এনে মানুহক কেতিয়াবা ওচৰৰ পৰা আৰু কেতিয়াবা দূৰৈৰ পৰা দেখা পাইছোঁ, তেওঁলোকৰ জীৱনৰ সফলতাৰ মূলতে প্ৰচণ্ড আত্মবিশ্বাস৷ যি ব্যক্তিৰ আত্মবিশ্বাস প্ৰবল, সেই ব্যক্তিৰ সফলতাত সহায়ক হিচাপে কাম কৰে পৰিশ্ৰমে৷ পৰিশ্ৰম আৰু আত্মবিশ্বাসৰ যুগলবন্দীয়ে ব্যক্তিক সফলতাৰ বাটত আগবঢ়াই নিয়ে৷ পৰিশ্ৰম, আত্মবিশ্বাসৰ সমান্তৰালভাৱে সততাক যিসকলে ত্যাগ নকৰে, সেই ব্যক্তিৰ সফলতা স্থায়ী হয় আৰু মিথ্যাৰ জৰিয়তে লাভ কৰা সফলতা অস্থায়ী হোৱা দেখিছোঁ৷ সফলতাৰ প্ৰাথমিক চৰ্তই কিন্তু প্ৰবল আত্মবিশ্বাস আৰু পৰিশ্ৰম৷ ইয়াৰ বিপৰীতে এয়াও সত্য যে অধিক আত্মবিশ্বাসো কেতিয়াবা বিফলতাৰ কাৰণ হ’ব পাৰে৷ এনেকুৱা উদাহৰণো আমাৰ সমাজত দেধাৰ আছে৷

ক’ব বিচাৰিছোঁ, দেশৰ ৰাজনীতিত সাংঘাতিক ধৰণে চৰ্চিত হৈ থকা ৰাহুল গান্ধীৰ আত্মবিশ্বাসৰ বিষয়ে৷ ভাৰত জোড়ো যাত্ৰাৰ পাছতে ৰাহুল গান্ধীয়ে নিজাকৈ এক ভাবমূৰ্তি গঢ় দিবলৈ সক্ষম হৈছে৷ ৰাহুল গান্ধীৰ ৰাজনীতি আৰু দৰ্শন সন্দৰ্ভত আলোচনা কৰা নতুবা তেওঁ যিটো ৰাজনৈতিক ধাৰাক প্ৰতিনিধিত্ব কৰিছে, সেই ধাৰাটো আপুনি বা মই সমৰ্থন কৰা-নকৰা এটা সুকীয়া বিষয়৷ ৰাহুল গান্ধীয়ে যোৱা জ্ঝ বছৰত বিভিন্ন গঞ্জনা, লাঞ্ছনা, অপমান, ইতিকিং  মূৰপাতি ল’বলগীয়া হৈছে৷ বিভিন্ন ধৰণে ৰাজহুৱা স্থানত ৰাহুল গান্ধীক লৈ তাচ্ছিল্য আৰু উপলুঙা কৰি শাসক দলৰ একাংশ নেতাই ৰস পান কৰা আমি দেখিছোঁ৷ আনকি ৰাহুল গান্ধীক পাপ্পু আখ্যা দি সামাজিকভাৱে হেয় কৰাৰ প্ৰক্ৰিয়াও চলিছিল৷ ত্ৰিপুৰাৰ সভাত ৰাহুল গান্ধীয়ে কৰা এক মন্তব্য সম্পাদনা কৰি আগ আৰু পিছডোখৰ কাটি এছোৱা ভাইৰেল কৰা হৈছিল৷ তাত ৰাহুল গান্ধীয়ে কোৱা বুলি দেখুওৱা হৈছিল যে আলুৰ পৰা সোণ উৎপাদনৰ সূত্ৰ৷

যিটো মহলে এই ধৰণৰ প্ৰচাৰ ৰাহুল গান্ধীৰ বিৰুদ্ধে চলাইছিল, সেই মহলটোৱে কিন্তু ঢাকোন দি ৰাখিব খোজে প্ৰধানমন্ত্ৰীৰ সেই মন্তব্য, য’ত কৈছিল যে নলাৰ পৰা ওলোৱা গেছৰ দ্বাৰা পানী গৰম কৰা আৰু চাহ তৈয়াৰৰ ফৰ্মূলা৷ এওঁলোকে প্ৰধানমন্ত্ৰীয়ে কোৱা সেই ভাষ্য কেতিয়াও ক’তো উল্লেখ নকৰে, য’ত প্ৰধানমন্ত্ৰীয়ে সাংবাদিকক কৈছিল যে ডাৱৰৰ আঁৰ লৈ ৰাডাৰৰ জৰিয়তে শত্ৰু ৰাষ্ট˜ৰ তথ্য সংগ্ৰহ কৰা সহজ৷ এওঁলোকে কেতিয়াও নকয় ৮০-ৰ দশকৰ আগভাগত এজন বিশেষ ৰাজনৈতিক নেতাই মেইল ব্যৱহাৰ কৰা আৰু ডিজিটেল কেমেৰাৰে ফটো উঠোৱাৰ প্ৰসংগ৷

ৰাহুল গান্ধীয়ে নিজেই অভিযোগ কৰিছে যে তেওঁক পাপ্পু হিচাপে প্ৰচাৰ কৰিবলৈ একাংশ সংবাদ মাধ্যমত বিজেপিয়ে প্ৰচুৰ অৰ্থ বিনিয়োগ কৰিছে৷ 

বিজেপিয়ে ২০১৪-ত ডিজিটেল প্ৰচাৰৰ জৰিয়তে জনসাধাৰণৰ সমৰ্থন আদায় কৰিছিল৷ লগতে প্ৰতিশ্ৰুতি দিছিলবিদেশৰ বেংকত থকা ক’লা ধন ঘূৰাই অনা, বছৰি দুই কোটি নিবনুৱাক চাকৰি দিয়া ইত্যাদি ইত্যাদি৷ ২০১৪তে দেশত মুকলিকৈ মেৰুকৰণৰ ৰাজনীতি আৰম্ভ হৈছিল৷ কোনে, কিয় এই ৰাজনীতি কৰিছিল, তাৰ ব্যাখ্যা নিষ্প্ৰয়োজন৷ ২০১৪১ পাছত দেশত প্ৰচাৰ চলোৱা হৈছিল যে নৰেন্দ্ৰ মোদীৰ বিকল্প আৰু কোনো নাই৷ সেই প্ৰচাৰৰ ধাৰা এতিয়াও আছে৷ নৰেন্দ্ৰ মোদী অদ্বিতীয় আৰু নৰেন্দ্ৰ মোদীৰ বিকল্প সৃষ্টি নহয় বা নাই ধৰণৰ প্ৰচাৰ একাংশ সংবাদ মাধ্যমৰ জৰিয়তে জোৰদাৰ গতিত এতিয়াও চলি আছে৷ নৰেন্দ্ৰ মোদীৰ বিকল্প পাপ্পু কেতিয়াও হ’ব নোৱাৰে ধৰণৰ প্ৰচাৰৰ জৰিয়তে বিৰোধী সত্তাটোক নস্যাৎ কৰা হৈছিল৷ গণতন্ত্ৰৰ বাবে ই অত্যন্ত ভয়ংকৰ কথা৷ গণতন্ত্ৰত সংবাদ মাধ্যম আৰু বিৰোধীৰ ভূমিকা শাসকতকৈ অধিক৷ এখন চৰকাৰ যাতে ক্ষমতাত মত্ত হৈ যিকোনো সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে, যি সিদ্ধান্তই জনতাক দুৰ্বল কৰিব, যি সিদ্ধান্তই জনতাৰ ভৱিষ্যৎ অন্ধকাৰ কৰিব পাৰে, সেই সিদ্ধান্ত গ্ৰহণৰ পৰা এখন চৰকাৰক বাৰণ কৰিব পাৰে শক্তিশালী বিৰোধী আৰু সংবাদ মাধ্যমে৷ ভাৰতত বিৰোধী দুৰ্বল নহয়৷ কিন্তু বিৰোধীক দুৰ্বল বুলি জনসাধাৰণৰ মাজত দেখুওৱা হৈছে৷ এই ক্ষেত্ৰত একাংশ সংবাদ মাধ্যমৰ ভূমিকাও বিতৰ্কিত৷

ৰাহুল গান্ধীৰ কোনো ভৱিষ্যৎ নাই৷ ৰাহুল গান্ধী নৰেন্দ্ৰ মোদীৰ ওচৰত তেনেই শিশু৷ এই ধাৰণা দুবছৰ আগলৈকে বহু মানুহৰ মনত ভালকৈয়ে বাহ লৈছিল৷ ইয়াৰ বাবে দায়ী আছিল ৰাহুল গান্ধী নিজেও৷ সংসদত প্ৰদৰ্শন কৰা কেতবোৰ অপৰিপক্ব কথা-বতৰা আৰু আচৰণে ৰাহুল গান্ধীৰ ৰাজনৈতিক ভৱিষ্যৎ নাই বুলিয়ে তেওঁৰ শুভাকাংক্ষীসকলেও বৰ দুখেৰে গ্ৰহণ কৰিছিল৷ 

সেই অৱস্থাৰ পৰা ৰাহুল গান্ধীয়ে উদ্ধাৰ পাব পাৰিব বুলি অন্ধ অনুগামীসকলৰ বাহিৰে আনে বিশ্বাস কৰিবলৈ এৰিছিল৷ অন্ধ অনুগামীয়ে যিকোনো নেতাৰ ভৱিষ্যৎ ধবংস কৰাত সদায় আগভাগ লয়৷ পেইড অনুগামীয়ে বৰ্তমান চৰকাৰ আৰু কিছুমান মন্ত্ৰীৰ গুণানুকীৰ্তন কৰি ৰাজহুৱাকৈ হাঁহিয়াতৰ পাত্ৰ হৈ পৰিছে, সেইদৰে দিগ্বিজয় সিঙকে ধৰি কিছুমান কংগ্ৰেছী নেতাই ২০১৪তে ৰাহুল গান্ধীক মোদীৰ বিকল্প হিচাপে ভাৰতৰ প্ৰধানমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি বিজেপিৰ বিজয়ৰ বাট প্ৰশস্ত কৰিছিল৷ কংগ্ৰেছত নেহৰু-গান্ধী পৰিয়ালৰ অনুগামীৰ সংখ্যা কম নহয়৷ এওঁলোকৰ বেছিভাগে নিজৰ স্বাৰ্থক অগ্ৰাধিকাৰ দি পৰিয়ালটোক এনেকুৱাকৈ তোষামোদ কৰে যে ইয়াৰ ফলত ক্ষতি হৈছে ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ৷

বহু ক্ষেত্ৰত তোষামোদকাৰীয়ে নেতাক ভুল পথে পৰিচালিত কৰে৷ তোষামোদকাৰীৰ বক্তব্যক নিঃস্বাৰ্থভাৱে চালি-জাৰি চাই সেই মতে খোজ দিলে নেতাৰ ভুল কম হয়৷ বৰ্তমান বিজেপিতো ব্যক্তিপূজা আৰু তোষামোদকাৰীৰ লানি নিছিগা ভিৰ পৰিলক্ষিত হৈছে৷ এজন নিৰপেক্ষ ব্যক্তি হিচাপে আপুনিও নি(য় অনুভৱ কৰিব, তোষামোদকাৰীৰ মাজত কি পৰ্যায়ত প্ৰতিযোগিতা চলিছে? কোনে, কিমান বেছি তৈলমৰ্দন কৰিব পাৰে তাৰেই এক অঘোষিত দৌৰ৷ মুখ্যমন্ত্ৰীসকলৰ মাজত প্ৰতিযোগিতা চলিছে, কোনে কিমান নৰেন্দ্ৰ মোদীৰ প্ৰশস্তি গাব পাৰে? সেইদৰে ৰাজ্যিক নেতা-মন্ত্ৰীৰ মাজত প্ৰতিযোগিতা চলিছে, কোনে কিমান বেছি  মুখ্যমন্ত্ৰীক তৈলমৰ্দন কৰিব পাৰে৷ এই প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱাসকলৰ কথা-বতৰা আৰু মৰ্দনৰ সুৰত আপোনাৰো ক’ৰবাত কেতিয়াবা লাজ লাগিব৷ অথচ এয়াই এতিয়া জোৰদাৰ গতিত চলি আছে৷

ৰাহুল গান্ধীক ভাৰতীয় ৰাজনীতিত অপ্ৰাসংগিক কৰাৰ যি সৰ্বগ্ৰাসী ৰাজনীতি আৰম্ভ হৈছিল, সেই ৰাজনীতিৰ জাল ফালি ওলাই অহা সকলোৰে পক্ষে সম্ভৱ নহয়৷ এখন চৰকাৰ, শাসক দল, চৰকাৰী এজেঞ্চি, সংবাদ মাধ্যম সকলো ৰাহুল গান্ধীৰ সমালোচকেই নহয়, ৰাহুল গান্ধীৰ ভাবমূৰ্তি বিনষ্ট কৰাৰ অংশীদাৰ বুলি ক’লে ভুল কোৱা নহ’ব নি(য়৷ অৰ্থনৈতিক অনিয়মৰ অভিযোগ তুলি ই ডিয়ে দুবাৰকৈ তলব কৰিছে, জেৰা কৰিছে৷ কিন্তু গ্ৰেপ্তাৰ নহ’ল৷ যদি সঁচাকৈয়ে ৰাজকোষৰ ধন হৰণলুকী কৰিছে, তেনেহ’লে ৰেহাই দিয়াৰ কাৰণ থাকিব নোৱাৰে৷

সাত বছৰ ৰাজহুৱা গ্লানি মূৰত লৈ ৰাহুল গান্ধীয়ে আৰম্ভ কৰিছিল ভাৰত জোড়ো যাত্ৰা৷ এই যাত্ৰাৰে ৰাহুল গান্ধীয়ে ভাৰতৰ সৰ্বসাধাৰণ নাগৰিকৰ ওচৰ চাপিবলৈ চেষ্টা চলালে৷ এই চেষ্টা সফলো হৈছে৷ আড়ম্বৰপূৰ্ণ জীৱন বিসৰ্জন দি পথেৰে খোজকাঢ়ি ৰ’দ, বৰষুণ, সমালোচনা, বদনাম মূৰত লৈ ৰাহুল গান্ধীয়ে কৰা ভাৰত জোড়ো যাত্ৰাই কংগ্ৰেছক নতুন জীৱন দিলে বুলি ক’ব পাৰি৷ ২০১৪ত বিধবস্ত হোৱা কংগ্ৰেছ পুনৰ যেন জীপাল হৈছে৷ পূৰ্বৰ ভুলবোৰৰ পৰা ৰাহুল গান্ধীৰ লগতে দলৰ নেতাসকলে শিক্ষা লৈছে নে নাই, সেয়া জানিবলৈ আমি বাট চাম৷ ভাৰত জোড়ো যাত্ৰাৰ পাছত সংসদৰ মজিয়াত ৰাহুল গান্ধীয়ে আদানি আৰু চৰকাৰৰ সম্পৰ্কক লৈ যিবোৰ অভিযোগ আনিছিল, সেই অভিযোগৰ যথাযোগ্য উত্তৰ কেন্দ্ৰীয় চৰকাৰৰ পৰা দেশবাসীয়ে নাপালে৷

পিতৃৰ জন্মদিন উদ্‌যাপন কৰিবলৈ ৰাহুল গান্ধীয়ে বাইক চলাই লাডাখত উপস্থিত হৈছিল৷ উভতিবৰ পৰত কেইবাখনো জনসভাত অংশগ্ৰহণ কৰিছিল৷ জনসভাত অংশগ্ৰহণ কৰি ৰাহুল গান্ধীয়ে যি আত্মবিশ্বাসেৰে দাবী কৰিছে, ২০২৪-ত বিজেপিক হৰুৱাই দিম বুলি, সেই আত্মবিশ্বাস ৰাজনৈতিক নেতা এজনৰ বাবে প্ৰধান অলংকাৰ৷ বিজেপিক হৰুৱাব পাৰিব নে নোৱাৰে, সেয়া ভাৰতবৰ্ষৰ জনতাই নিৰ্ণয় কৰিব৷ কিন্তু এজন নেতাৰ আত্মবিশ্বাসত ভেজা দি তেওঁৰ অনুগামী আৰু তেওঁক ভালপোৱা অজস্ৰ মানুহে এটা নতুন সপোন দেখিবলৈ ল’ব৷ যি নেতাৰ আত্মবিশ্বাসৰ অভাৱ, সেই নেতা প্ৰতিমুহূৰ্তত বিফল হয়৷ ৰাহুল গান্ধীৰ আত্মবিশ্বাস আৰু শাৰীৰিক ভাষা বিজেপিৰ বাবেও এতিয়া প্ৰত্যাহ৩ান৷ এই সময়ত দেশত বিজেপিৰ বিকল্প কংগ্ৰেছ হয় নে নহয়, সেয়া আন এক আলোচনাৰ বিষয়৷ কিন্তু কংগ্ৰেছৰ বিকল্প বিজেপি বুলি নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আদিয়ে বাৰম্বাৰ স্বীকাৰ কৰি আহিছে৷ হয়তো ইয়াৰ বাবেই নৰেন্দ্ৰ মোদীৰ পৰা অমিত শ্বাহলৈ সকলোৰে আক্ৰমণৰ লক্ষ্য কেৱল ৰাহুল গান্ধী৷

প্ৰবল আত্মবিশ্বাস আৰু পৰিশ্ৰম এজন সাধাৰণ লোকৰ সফলতাৰ যিদৰে প্ৰধান কাৰক, সেইদৰে ৰাজনৈতিক নেতা এজনৰ আত্মবিশ্বাস আৰু পৰিশ্ৰম এটা দলৰ সফলতাৰ কাৰক হৈ উঠিব পাৰে৷ ৰাহুল গান্ধীয়ে ইতিমধ্যে তেওঁৰ পাপ্পু বিশেষণৰ পৰিমণ্ডলৰ পৰা ওলাই আহিব পাৰিছে৷ যোৱা এবছৰে সংসদৰ বাহিৰে-ভিতৰে ৰাহুল গান্ধীয়ে দিয়া ভাষণবোৰে তেওঁৰ পূৰঠ মন আৰু চিন্তাৰ পৰিচয় দিছে৷ 

আমাৰ দৰে গণতন্ত্ৰপ্ৰেমী লোকে বিচাৰে, ভাৰতবৰ্ষৰ গণতন্ত্ৰ আৰু অধিক শক্তিশালী হওক৷ ভাৰতবৰ্ষৰ মানুহৰ কথা কোৱাৰ অধিকাৰ থাকক৷ শাসকক সমালোচনা কৰাৰ বাবে কোনো লোকক ভুৱা গোচৰ দি কাৰাদণ্ড বিহিব যাতে নোৱাৰে, সেয়া ভাৰতীয় গণতন্ত্ৰই নিশ্চিত কৰক৷ যি গণতন্ত্ৰত মানুহৰ কথা কোৱাৰ অধিকাৰ নাথাকে, যি গণতন্ত্ৰত শাসকক সমালোচনা কৰিলেই কাৰাবাস খাটিব লাগে, যি গণতন্ত্ৰত নেতাই চাৰ্টাৰ্ড বিমান, হেলিকপ্টাৰ, বিলাসী গাড়ীৰ দীঘলীয়া কনভয়ৰ মাজত বিচৰণ কৰিব আৰু সাধাৰণ নাগৰিকে পৰিয়াল পুহিব নোৱাৰি আত্মহত্যা কৰিব, যি গণতন্ত্ৰত নেতাই সকলো, প্ৰজা কেৱল কৰ দাতা আৰু হিতাধিকাৰী, সেই গণতন্ত্ৰ স্থায়ী হ’ব নোৱাৰে৷ সেই গণতন্ত্ৰ লেহুকা আৰু ৰাজহাড় নথকা৷ এখন শক্তিশালী গণতান্ত্ৰিক দেশ বিচৰা প্ৰতিগৰাকী লোকে এটা শক্তিশালী বিৰোধীও বিচাৰে৷ 

নৰেন্দ্ৰ মোদীৰ বিকল্প ৰাহুল গান্ধী হয় নে নহয়, সেই সিদ্ধান্ত ২০২৪-ত জনতাই গ্ৰহণ কৰিব৷ ৰাহুল গান্ধীৰ আত্মবিশ্বাস আৰু পৰিশ্ৰমে কংগ্ৰেছক কিমানদূৰ সহায় কৰিব, সেয়া ছমাহৰ পাছত সকলোৱে জানিব৷ কিন্তু কংগ্ৰেছৰ বেছিভাগ নেতাৰ ব্যক্তিকেন্দ্ৰিক চিন্তা দলটোৰ বাবে ক্ষতিকাৰক৷ কংগ্ৰেছী নেতাসকলৰ বেছিভাগৰ ঘৰবোৰ তাজমহল সদৃশ৷ সা-সম্পত্তিৰো লেখ-জোখ নাই৷ কিন্তু ৰাজীৱ ভৱনত কৰ্মী হিচাপে যিসকলে নিষ্ঠাৰে দায়িত্ব পালন কৰে, তেওঁলোকৰ বাবে এনেকুৱা নেতাই এপিয়লা চাহৰ যোগান ধৰিবলৈ অক্ষম৷

অসমতে কংগ্ৰেছৰ এনেকুৱা নেতা আছে, যি নেতাৰ ধন-দৌলতৰ পাহাৰে আকাশ চুব পৰা অৱস্থাত আছে৷ কিন্তু এইবোৰ নেতাই দল আৰু কৰ্মীৰ বাবে কোনো ধৰণৰ ত্যাগ নকৰে৷ অথচ নেহৰু পৰিয়ালে নিজৰ সমস্ত সম্পত্তি দেশক দান দি যি দৃষ্টান্ত দাঙি ধৰিলে, সেই ইতিহাস কোনেও কেতিয়াও মচিব নোৱাৰে৷ সাংসদ পদ খাৰিজ হোৱাৰ পাছত ৰাহুল গান্ধী থাকিবলৈ নিজাকৈ এটা ঘৰৰ অভাৱ আছিল৷ ইয়াক লৈ যি ধৰণৰ তুচ্ছ-তাচ্ছিল্য কৰা হৈছিল, সেয়া অমূলক আৰু যিসকলে ইয়াক লৈ উপৰুৱা মন্তব্য কৰিছিল, সেই মন্তব্যই তেওঁলোকৰ ব্যক্তিত্ব আৰু চৰিত্ৰহে উন্মোচন কৰিছিল৷ কিন্তু ভাৰতবৰ্ষৰ আন ঠাইৰ কথা নকওঁ, অসমৰ এনে কেইজনমান কংগ্ৰেছ নেতাক আমি জানো, যাৰ সা-সম্পত্তিৰ পৰিমাণ ৫০০-ৰ পৰা হাজাৰ কোটিৰ ভিতৰত৷ এওঁলোকে সম্পত্তিৰ পৰিমাণ বৃদ্ধিৰ বাবে কংগ্ৰেছ কৰিছে আৰু ৰাহুল গান্ধীয়ে দলটোক জনতাৰ কাষলৈ নিবৰ বাবে ৰাজনীতি কৰিছে৷ ভুল ৰাহুল গান্ধীৰো আছে৷ ২০০৪-ৰ পৰা ২০১৪লৈ কেন্দ্ৰত ইউ পি এ চৰকাৰ থকাৰ সময়ত ৰাহুল গান্ধীয়ে কৰা কেতবোৰ কাম আৰু আচৰণ দেশবাসীৰ বাবে গ্ৰহণযোগ্য নাছিল৷ এতিয়া বিজেপিৰ কেতবোৰ নেতাৰ আচৰণ আৰু বক্তব্য ইমানেই ভয়ংকৰ যে ইয়াৰ পূৰ্বে এই ধৰণৰ অহংকাৰ আৰু কথা-বতৰা ৰাজনৈতিক নেতাৰ মুখত শুনিবলৈ পোৱাটো দুৰ্লভ আছিল৷ শক্তিশালী বিৰোধীৰ প্ৰয়োজনীয়তা ক’ত, গণতন্ত্ৰপ্ৰেমী নাগৰিকৰ বুজিবলৈ অসুবিধা হোৱা নাই নে!

 

Share This