ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৰ জয়

dainik janambhumi May 14, 2026

ডিজিটেল ডেস্ক: তাৰকা বেটাৰ বিৰাট কোহলীৰ অনবদ্য অপৰাজিত ১০৫ ৰানৰ সহায়ত আই পি এলত কালি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰুৱে কলকাতা নাইট ৰাইডাৰ্ছক ৬ উইকেটত পৰাজিত কৰে। 

কলকাতাৰ ৪ উইকেটত ১৯২ ৰানৰ প্ৰত্যুত্তৰত কোহলীৰ আই পি এলত নৱম শতৰানৰ জৰিয়তে বেংগালুৰুৱে ১৯.১ অ'ভাৰত চাৰিটা উইকেট হেৰুৱাই ১৯৪ ৰান কৰি জয় সাব্যস্ত কৰে। ইয়াৰ আগেয়ে অংগকৃষ ৰঘুবংশীৰ ৭১ আৰু ৰিংকু সিঙৰ অপৰাজিত ৪৯ ৰানৰ সহায়ত কলকাতা নাইট ৰাইডাৰ্ছে ৪ উইকেটত ১৯২ ৰান কৰিছিল। 

আজিংক্য ৰাহানে (১৯) আৰু ফিন এলেন (১৮) আগতীয়াকৈ আউট হ'লেও অংগকৃষ আৰু ৰিংকুৰ লগতে কেমেৰুণ গ্রীনে ৩২ ৰানৰ গুৰুত্বপূৰ্ণ অৱদান যোগায়। ৰান আউট হোৱাৰ আগেয়ে অংগকৃষে ৪৬টা বলত ৭টা চাৰি আৰু তিনিটা ছয়েৰে নিজৰ ইনিংছটো সজায়। কেমেৰুণৰ ২৪টা বলৰ ৩২ ৰানৰ ইনিংছটোত সমাহাৰ ঘটে তিনিটা চাৰি আৰু এটা ছয়ৰ। আনহাতে, ৰিংকুৱে ২৯টা বল খেলি তিনিটা চাৰি আৰু দুটা ছয়েৰে ৪৯ ৰান কৰি আউট নোহোৱাকৈ থাকে।

Share This