ডিজিটেল ডেস্ক: ইৰাণৰ সৈতে আমেৰিকা-ইজৰাইলৰ যুদ্ধ উত্তেজনা চলি থকাৰ মাজতে মধ্যপ্রাচ্যত চাৰিখন ইছলামিক দেশৰ এটা নতুন প্রতিৰক্ষা মিত্রজোঁট গঠনৰ প্ৰক্ৰিয়া প্ৰায় চূড়ান্ত হৈছে।
পাকিস্তানৰ প্ৰচেষ্টাত মধ্যপ্রাচ্যৰ তিনিখন দেশে 'ইছলামিক নাটো' গঠনৰ বাবে ইতিমধ্যে প্রক্রিয়া সম্পূর্ণ কৰিছে। পাকিস্তানে ইংগিত দিছে যে কাটাৰ আৰু তুৰস্কই ছৌডি আৰৱৰ সৈতে পাৰমাণৱিক অস্ত্ৰধাৰী ৰাষ্ট্ৰৰ পাৰস্পৰিক প্ৰতিৰক্ষা সহযোগিতা চুক্তিত যোগ দিয়াৰ পৰিকল্পনা ইতিমধ্যে চূড়ান্ত কৰিছে। মধ্যপ্রাচ্য আৰু দক্ষিণ এছিয়াৰ নিৰাপত্তা ব্যৱস্থাক চলি থকা যুদ্ধ-উত্তেজনাই অৱনতি ঘটোৱাৰ সময়তে এছিয়াৰ চাৰিখন ইছলামিক দেশে এই প্রতিৰক্ষা বিষয়ক সহযোগিতা কৰাৰ প্রক্রিয়া প্রায় সম্পূর্ণ কৰি তুলিছে। পাকিস্তানৰ প্ৰতিৰক্ষা মন্ত্রী খাৱাজা আছিফে যোৱা মঙলবাৰে নিশা স্থানীয় এটা টেলিভিছন চেনেলত দিয়া সাক্ষাৎকাৰত কয় যে এছিয়াৰ চাৰিখন ইছলামিক ৰাষ্ট্ৰই প্ৰতিৰক্ষা
সহযোগিতা কৰিবলৈ প্রক্রিয়া চূড়ান্ত কৰিছে। পাকিস্তানৰ সৈতে থকা ছৌডি আৰৱৰ প্রতিৰক্ষা চুক্তিখনত কাটাৰ আৰু তুৰস্কাই যোগ দিয়াৰ বিষয়ত দৃঢ়তাৰে কয় পাক প্রতিৰক্ষা মন্ত্রীজনে।