চি বি এছ ইৰ দ্বাদশৰ পৰীক্ষাৰ ফল, ৮৫.২০% পৰীক্ষাৰ্থী উত্তীর্ণ

dainik janambhumi May 14, 2026

ডিজিটেল ডেস্ক: কেন্দ্রীয় মাধ্যমিক শিক্ষা পৰিষদৰ (চি বি এছ ই) অধীনৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফল কালি ঘোষণা কৰা হয়। এই বছৰৰ পৰীক্ষাত ৮৫.২০% ছাত্র-ছাত্রী উত্তীৰ্ণ হোৱাৰ বিপৰীতে ১.৬৩ লাখ অনুত্তীর্ণ হয়। যোৱা বছৰৰ তুলনাত এই বছৰ উত্তীৰ্ণৰ হাৰ ৩% হ্রাস পায়। 

চি বি এছ ইৰ পৰীক্ষা নিয়ন্ত্রক সংযম ভৰদ্বাজে কালি কয় যে দেশ আৰু বিদেশৰ চি বি এছ ইৰ অধীনৰ ১৯,৯৬৭খন বিদ্য্যালয় আৰু ৭,৫৭৩টা কেন্দ্ৰত এইবাৰ অনুষ্ঠিত হোৱা পৰীক্ষাত মুঠ ১৭.৬৮ লাখ ছাত্র-ছাত্ৰী অৱতীৰ্ণ হৈছিল। যোৱা বছৰৰ তুলনাত এইবাৰ পৰীক্ষাত অৱতীৰ্ণ হোৱা ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ৭০ হাজাৰ অধিক আছিল। তেওঁ লগতে প্রকাশ কাৰ মতে, চি বি এছ ইয়ে প্ৰথমবাৰৰ বাবে 'অন স্ক্রীন মার্কিং'ৰ (অ' এছ এম) জৰিয়তে উত্তৰ বহীৰ মূল্যাংকন কৰে। ইয়াৰ বাবে ৭০ হাজাৰ পৰীক্ষক নিযুক্ত কৰা হৈছিল আৰু তেওঁলোকে ৯৮,৬৬,৬২২খন উত্তৰ বহী ডিজিটেল প্ৰক্ৰিয়াৰে মূল্যংকন কৰে। 

ভৰদ্বাজে প্ৰকাশ কৰা মতে, ৯৪০২৮গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৯০% বা তাতকৈ অধিক নম্বৰ লাভ কৰে। ই মুঠ পৰীক্ষাৰ্থীৰ ৫.৩২%। আনহাতে, ০.৯৭% অর্থাৎ ১৭১১৩ গৰাকী পৰীক্ষাৰ্থীয়ে ৯৫% বা তাতকৈ অধিক নম্বৰ লাভ কৰে। এই বাৰ পুনৰ ছাত্রতকৈ ছাত্রীয়ে অধিক ভাল প্রদর্শন কৰে। এই বছৰ ছাত্ৰীৰ উত্তীৰ্ণৰ হাৰ ৮৮.৮৬% আৰু ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৮২.১%। চি বি এছ ই-এ এইবাৰো মেধাৱী ছাত্ৰ-ছাত্ৰীৰ তালিকা প্রকাশ কৰা নাই আৰু শীর্ষস্থান অধিকাৰ কৰা শিক্ষাৰ্থীৰ নামো ঘোষণা কৰা নাই। 

সমগ্ৰ দেশৰ ভিতৰত ত্ৰিৱান্দ্ৰম মণ্ডলে আটাইতকৈ ভাল প্রদর্শন কৰে। এই মণ্ডলৰ উত্তীৰ্ণৰ হাৰ ৯৫.৬২% আৰু প্ৰয়াগৰাজ মণ্ডলৰ উত্তীৰ্ণৰ হাৰ ৭২.৪৩% দেশৰ ভিতৰতে সর্বনিম্ন।

Share This