'দৈনিক জনমভূমি'ৰ মুখ্য সম্পাদকলৈ অভিনন্দন

dainik janambhumi April 03, 2026

ডিজিটেল ডেস্ক : বিশিষ্ট সাংবাদিক, সচেতন লেখক সঞ্জীৱ কুমাৰ ফুকনৰ মুখ্য সম্পাদনাত বলিষ্ঠভাৱে 'দৈনিক জনমভূমি' প্রকাশ পোৱাটো অসমৰ সংবাদ- সাহিত্য জগতলৈ এক ইতিবাচক বার্তা বুলি অভিহিত কৰিছে ভিন ভিন দল-সংগঠনে। এটা বার্তাত বহুভাষিক সাহিত্য মঞ্চ, অসম চমুকৈ 'বহুবাক'ৰ সভাপতি ড° দিলস লক্ষ্মীন্দ্র সিংহ আৰু প্রধান সম্পাদক দীপক শৰ্মাই কয়, 'অসমৰ সংবাদ জগতৰ এক মাইলৰ খুঁটি দৈনিক জনমভূমি। দৈনিক জনমভূমি চিন্তা দিগ্বজ। সমাজ জীৱনলৈ জনমভূমিৰ অৰিহণা অন্যন্য। 

এই কাকতৰ মুখ্য সম্পাদকৰ দায়িত্ব লৈ ফুকনে জাতিটোক সবলভাৱে নেতৃত্ব দিব পাৰিব।
অনেক শুভেচ্ছা আৰু শুভকামনা জনালোঁ।' 

দৈনিক জনমভূমিৰ মুখ্য সম্পাদক পদত অধিষ্ঠিত হোৱা সঞ্জীৱ কুমাৰ ফুকনলৈ অভিনন্দন জনাইছে- কামৰূপ মহানগৰ জিলা সাহিত্য সভাৰ সভাপতি প্রফুল্ল বর্মন আৰু সম্পাদক অৰুণ কুমাৰ মহন্ত, মহাপুৰুষ শ্ৰীশ্ৰী হৰিদেৱৰ জীৱন দর্শন অধ্যয়ন সমিতি, অসমৰ সভাপতি ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য, বৈদিক বৈষ্ণৱ মহাসভাৰ গুৱাহাটী মহানগৰ জিলা সমিতিৰ সভাপতি ঈশ্বৰ কান্ত দেৱ মহন্ত, কাৰ্যকৰী সভাপতি ডম্বৰুধৰ তালুকদাৰ আৰু সম্পাদক ৰাজীৱ ভট্টাচার্য, অসম সাহিত্য সভাৰ প্ৰাক্তন ধনভঁৰালী কিশোৰ কুমাৰ জৈন, অসম শিশু সাহিত্য সমাজৰ সভাপতি প্রদীপ নাৰায়ণ ভট্টাচাৰ্য, পৰাগজ্যোতি প্রকাশন আদি দল-সংগঠনে।

Share This