পঞ্জাবত কংগ্ৰেছ-আপৰ সংঘাত; প্ৰভাৱ পৰিব নেকি নিৰ্বাচনী মিত্ৰতাত?

Jyoti Borah September 30, 2023

ডিজিটেল ডেস্ক: পঞ্জাবত কংগ্ৰেছ বিধায়কক গ্ৰেপ্তাৰৰ পাছতে সংঘাত তীব্ৰতৰ হৈছে আপ আৰু কংগ্ৰেছৰ।

ড্ৰাগছ সৰবৰাহৰ গোচৰত পঞ্জাব আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল সুখপাল খাইৰাক। কংগ্ৰেছ বিধায়কগৰাকীক গ্ৰেপ্তাৰৰ পাছতেই তীব্ৰৰূপ ধাৰণ কৰিছিল আপ আৰু কংগ্ৰেছৰ সংঘাতে।

অভিযোগ প্ৰতি-অভিযোগ আৰম্ভ হৈছিল দুয়োটা দলৰ মাজত। এনে সংঘাতৰ মাজতেই ইণ্ডিয়া মিত্ৰজোঁটক লৈও উত্থাপন হৈছিল প্ৰশ্নৰ।

পঞ্জাবৰ ঘটনাই ইণ্ডিয়া মিত্ৰজোঁটত প্ৰভাৱ পেলাব নেকি? তাক লৈও সৃষ্টি হৈছিল অনিশ্চয়তাৰ। তেনে অনিশ্চয়তাৰ মাজতে নীৰৱতা ভংগ কৰিলে আপৰ ৰাষ্ট্রীয় সমন্বয়ক অৰবিন্দ কেজৰিৱালে।

বিৰোধী মিত্ৰজোঁট ইণ্ডিয়াৰ প্ৰতি আপ সম্পূৰ্ণ প্ৰতিশ্ৰুতিবদ্ধ। ঘটনা সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি এইদৰে কয় দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকীয়ে। পঞ্জাবত কংগ্ৰেছ বিধায়কক গ্ৰেপ্তাৰ আইনী প্ৰক্ৰিয়াৰ সৈতে জড়িতৰ বিষয় বুলি উল্লেখ কৰিলে কেজৰিৱালে।

Share This