মহাৰাষ্ট্ৰৰ পৌৰ নিৰ্বাচনত কংগ্ৰেছ-বিজেপিৰ মিত্ৰতা, ৰাজনীতিত বাঘে-ছাগে একে ঘাটতে পানী খোৱাৰ ঘটনা

dainik janambhumi January 08, 2026

ডিজিটেল ডেস্ক : চকু কপালত উঠোৱা ঘটনা সংঘটিত হৈছে মহাৰাষ্ট্ৰৰ ৰাজনীতিত। একপ্ৰকাৰে বাঘে-ছাগে একে ঘাটতে পানী খোৱা ঘটনা। ৰাজ্যখনৰ দুটা পৌৰ পৰিষদত (কাউন্সিল) নির্বাচনৰ পাছত শাসক বিজেপিয়ে মিত্ৰতা কৰিছে চিৰশত্ৰু কংগ্ৰেছ আৰু আছাদুদ্দিন অ'ৱেছী নেতৃত্বাধীন অল ইণ্ডিয়া মজলিছ-এ-ইত্তেহাদুল মুছলিমীন (এ আই এম আই এম)ৰ সৈতে। আনহাতে, এই মিত্রতাত শাসক দলকে ধৰি বিৰোধী দলৰ ৰাজ্যিক নেতৃত্ব ক্ষুব্ধ হৈ পৰিছে। উক্ত মিত্ৰতাৰ পাছতে কংগ্রেছে নতুনকৈ নিৰ্বাচিত ১২জন পাৰিষদক নিলম্বন কৰে। মুখ্যমন্ত্রী দেৱেন্দ্র ফড়নৱিচে কয় যে তেনে মিত্রতা দলৰ নেতৃত্বই অনুমোদন জনোৱা নাই আৰু ই নিয়মানুৱর্তিতা উলংঘন কৰিছে। 

ইফালে ৰাজ্যখনত বিজেপিৰ মিত্ৰ দল শিৱ সেনাই (সিন্ধে) ইয়াক 'মিত্রতা ধর্ম'ত বিশ্বাসঘাতকতা বুলি অভিহিত কৰে। যোৱা ২০ ডিচেম্বৰত পৌৰ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পাছত মিত্র দল একনাথ সিন্ধে নেতৃত্বাধীন শিৱ সেনাক একাষৰীয়া কৰি বিজেপিয়ে অম্বৰনাথ পৌৰ পৰিষদ গঠনৰ বাবে চিৰশত্রু কংগ্ৰেছ আৰু অজিত পাৱাৰ নেতৃত্বাধীন নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টিৰ (এন চি পি) সৈতে মিত্ৰতা কৰে। এই মিত্রজোঁটৰ নাম দিয়ে 'অম্বৰনাথ বিকাশ অঘাড়ী'। অম্বৰনাথৰ নিৰ্বাচনত ৬০জনীয়া পৰিষদত শিৱ সেনাই (সিন্ধে) ২৭খন আসন লাভ কৰিছিল আৰু সংখ্যাগৰিষ্ঠতাৰ বাবে মাত্র চাৰিখন আসনৰ প্ৰয়োজন আছিল। কিন্তু পৰিষদ গঠনৰ বাবে ১৪খন আসন পোৱা বিজেপিয়ে ১২খন আসন পোৱা কংগ্ৰেছকে ধৰি আন দলৰ সৈতে মিত্ৰতা কৰে। 

আনহাতে আকোলা জিলাৰ আকোট পৌৰ পৰিষদ গঠনৰ বাবে বিজেপিয়ে একেধৰণে এ আই এম আই এম আৰু অন্য দলৰ সৈতে মিত্রতা কৰে। আকোটত বিজেপিয়ে এ আই এম আই এম, শিৱ সেনা, উদ্ধৱ থাকৰেৰ শিৱ সেনা, এন চি পি, শাৰদ পাৱাৰৰ এন চি পি আদিৰ সৈতে 'আকোট বিকাশ মঞ্চ' নামৰ মিত্রজোঁট গঠন কৰে। আকোটৰ নির্বাচনত ৩৫জনীয়া পৰিষদত বিজেপিয়ে লাভ কৰে ১১খন আসন। কিন্তু বিৰোধীকে ধৰি মিত্রদলৰ সৈতে এই নতুন মিত্রতা 'আকোট বিকাশ মঞ্চ'ৰ পাৰিষদৰ সংখ্যা ২৫জন হয়গৈ। ইয়াত বিৰোধী পক্ষত থকা কংগ্ৰেছৰ ৬ আৰু বঞ্চিত বহুজন অঘাড়ীৰ পাৰিষদৰ সংখ্যা হৈছে ২।

Share This