ডিজিটেল ডেস্ক : তামিলনাডুৰ সমাগত বিধানসভাৰ নিৰ্বাচনৰ বাবে বিভিন্ন ৰাজনৈতিক দলে নির্বাচনী কুচকাৱাজ আৰম্ভ কৰিছে। মিত্রজোঁট কংগ্ৰেছ আৰু ডি এম কেৰ মাজত আসনৰ ভাগ-বাটোৱাৰাক লৈ দুয়োটা দলত সমস্যাই দেখা দিছে। ২০২১ চনত ৰাষ্ট্ৰীয় দলটোক ডি এম কেই ২৫খন আসন এৰি দিছিল। কিন্তু এইবাৰৰ নিৰ্বাচনৰ বাবে কংগ্রেছে ৪০খন আসনত প্রতিদ্বন্দ্বিতা কৰিবলৈ বিচাৰিছে।
কংগ্ৰেছৰ জ্যেষ্ঠ নেতা কে চি বেনুগোপাল আৰু তামিলনাডুৰ মুখ্যমন্ত্রী এম কেষ্টালিনৰ মাজত চেন্নাইত হোৱা শেহতীয়া বৈঠকত কংগ্রেছে এই দাবী উত্থাপন কৰে। কংগ্রেছে তামিলনাড়ুত আসনতকৈ কম আসনত প্ৰতিদ্বন্দ্বিতা নকৰে বুলি স্পষ্ট কৰাৰ পাছত ডি এম কেই কিন্তু তেওঁলোকক পূৰ্বৰ দৰে ২৫খন আসনহে এৰি দিয়াৰ পোষকতা কৰিছে।
এই পৰিপ্ৰেক্ষিতত নিৰ্বাচনলৈ আৰু কেইটামান মাহহে বাকী থকা অৱস্থাত মিত্ৰজোঁটৰ দুয়োটা দলৰ মাজত আসনক লৈ বর্তমান নিমিলা অংক হৈ আছে।