জনজাতীয় লোকক অৱজ্ঞা কৰি আহিছে কংগ্রেছে, বীৰছা মুণ্ডাৰ জন্মবার্ষিকী উপলক্ষত প্রধানমন্ত্রী মোদী

dainik janambhumi November 16, 2025

ডিজিটেল ডেস্ক : প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে শনিবাৰে কয় যে জনজাতীয় লোকসকলে স্বাধীনতা সংগ্রামত মহান অৰিহণা আগবঢ়োৱা সত্ত্বেও কংগ্রেছে জনজাতীয় লোকসকলক কেতিয়াও স্বীকৃতি নিদিলে। স্বাধীনতাৰ পাছত ৬০ বছৰ শাসনভাৰত থাকিলেও কংগ্রেছে জনজাতীয় লোকসকলক অৱজ্ঞা কৰি থাকিল। 

জনজাতীয়সকলৰ ভগৱান-স্বৰূপ বীৰছা মুণ্ডাৰ ১৫০ বছৰীয়া জন্মবার্ষিকীৰ উদ্যাপনৰ উপলক্ষত গুজৰাটৰ নর্মদা জিলাৰ ডেদিয়াপাৰা চহৰত আয়োজিত অনুষ্ঠানত এখন জনসভাত ভাষণ দি প্রধানমন্ত্রী মোদীয়ে এই দৰে কয়। 

প্রধানমন্ত্রী মোদীয়ে কয় যে তেওঁক চৰকাৰে জনজাতীয় এলেকাত স্বাস্থ্যৰ সুবিধা আৰু অন্যান্য আন্তঃগাঁথনিসমূহ নির্মাণ কৰিছে। এই ভাষণৰ পূৰ্বে মোদীয়ে ৯৭০০ কোটি টকাৰ বিভিন্ন বিকাশমূলক প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰে।

Share This