২০৩১ৰ বাবেহে চিন্তা কৰি আছে কংগ্রেছে: মুখ্যমন্ত্রী, নিৰ্বাচনৰ পাছত জে'ললৈ যাব কংগ্ৰেছ নেতা পৱন খেৰা

dainik janambhumi March 13, 2026

ডিজিটেল ডেস্ক: এতিয়াও বহুধা বিভক্ত হৈ থকা বিৰোধীয়ে অনাগত বিধানসভাৰ নিৰ্বাচনত কি স্থিতি গ্রহণ কৰিব? এই সম্পর্কত বৃহস্পতিবাৰে গুৱাহাটীত সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়, 'এইবাৰ অসমত বিৰোধীয়ে বহুত কিবা কৰিব পাৰিব বুলি মই নাভাবোঁ। তেওঁলোকৰ চেষ্টাটোৱেই ২০৩১ক লৈ।' 

কংগ্রেছে ২০২৬ক লৈ প্ৰথমৰ পৰাই চিন্তা কৰা নাই। কংগ্ৰেছে প্ৰথমৰ পৰাই ২০৩১ৰ চিন্তাহে কৰি আছে। ইফালে, মোদীৰ ঢৌ সন্দৰ্ভত ড° শর্মই কয়, 'মোদীৰ ঢৌ এতিয়াও শেষ হোৱাই নাই। এখনৰ পাছত এখন নির্বাচন জিকি আছে। সমান্তৰালভাৱে অসমত ডাবল ইঞ্জিনৰ ঢৌ আৰম্ভ হৈছে। তেওঁলোকে ঢৌ শেষ হৈছে বুলি ভাবিছে ঠিক আছে। কাৰণ এতিয়া ছুনামি আৰম্ভ হৈছে।' 

প্রণিধানযোগ্য যে কংগ্ৰেছ নেতা পৱন খেৰাই অসমলৈ আহি মুখ্যমন্ত্রীক শেহতীয়াকৈ সমালোচনাৰ লক্ষ্য কৰি লোৱা সন্দৰ্ভতো কালি প্রতিক্রিয়া প্রকাশ কৰে ড° শর্মাই। তেওঁ কয়, 'খেৰাৰ বিৰুদ্ধে অসমত ৩, ৪টাকৈ গোচৰ ৰুজু হৈ আছে। অসমৰ উগ্রপন্থীৰে যোগাযোগ কৰাৰ অভিযোগ আছে তেওঁৰ বিৰুদ্ধে।' 

আনহাতে, নিৰ্বাচনৰ পাছত জে'ললৈ কোন যাব সেইটো সকলোতকৈ ডাঙৰ কথা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে কয় যে খেৰাৰ অন্তিম স্থান অসমৰ জে'লেই হ'ব লাগে।

Share This