ডিজিটেল ডেস্ক : ভি বি জি-ৰাম জি আইন প্রত্যাহাৰ আৰু এম জি এনৰেগাক অধিকাৰভিত্তিক আইনৰূপে পুনৰ প্ৰৱৰ্তনৰ দাবীত কংগ্ৰেছে ১০ জানুৱাৰীৰ পৰা ২৫ ফেব্ৰুৱাৰীলৈ দেশজুৰি 'এম জি এনৰেগা বচাও সংগ্রাম' চলাব বুলি শনিবাৰে ঘোষণা কৰে। এক যুটীয়া সংবাদমেলত কংগ্ৰেছৰ সাধাৰণ সম্পাদকদ্বয় কে চি বেণুগোপাল আৰু জয়ৰাম ৰমেশে কয় যে নতুন ভি বি জি-ৰাম জি আইনৰ দ্বাৰা কেন্দ্ৰীয় চৰকাৰে সম্পূৰ্ণ কেন্দ্ৰীয়কৰণ নিশ্চিত কৰিলে। তেওঁলোকে আৰু কয়, 'এই নতুন আইনৰ অধীনত কর্মসংস্থান এতিয়া অধিকাৰ হৈ নাথাকিব।'
তেওঁলোকে আৰু জনায় যে এই আইনখনৰ বিৰুদ্ধে আদালতত প্রত্যাহ্বান জনোৱা হ'ব। বেণুগোপালে এই নতুন আইনখনক ফেডাৰেল গাঁথনিৰ ওপৰত আক্ৰমণ বুলিও অভিহিত কৰে। তেওঁ অভিযোগ কৰি কয়, 'ৰাজ্যসমূহৰ সৈতে ইয়াৰ ৰূপায়ণৰ সন্দৰ্ভত কোনো আলোচনাই কৰা হোৱা নাছিল। কিন্তু ৰাজ্যবোৰৰ বিত্তীয় অৱস্থাত এই আইনৰ বাবে প্ৰভাৱ পৰিব।' বেণুগোপালে কয়, 'এইটো কেৱল কংগ্ৰেছৰ কাৰ্যসূচী নহয়... আমি বিৰোধী-শাসিত সকলো ৰাজ্যৰ সৈতে আলোচনা কৰিম আৰু একেলগে যুঁজিম।' সংবাদমেলত নেতাদ্বয়ে জনোৱা মতে ১০ জানুৱাৰীত জিলাভিত্তিক সংবাদমেল অনুষ্ঠিত কৰা হ'ব। ইয়াৰ পাছতে ১১ জানুৱাৰীত জিলা সদৰ স্থানসমূহত দিনজোৰা অনশন আৰু প্ৰতীকী প্রতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। ১২ৰ পৰা ২৯ জানুৱাৰীলৈ সকলো পঞ্চায়ততে পঞ্চায়তভিত্তিক সভা আৰু গণসংযোগ কার্যসূচী আয়োজন কৰা হ'ব। ইয়াৰ পাছত ৩০ জানুৱাৰীত কামৰ অধিকাৰৰ দাবীত ৱাৰ্ডভিত্তিক ধর্ণা প্ৰদৰ্শন হ'ব। ৭ৰ পৰা ১৫ ফেব্ৰুৱাৰীলৈ ৰাজ্যিক ভিত্তিত বিধানসভা ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব। আনহাতে ১৬ৰ পৰা ২৫ ফেব্ৰুৱাৰীৰ ভিতৰত চাৰিখন বিশাল গণ সমাৱেশৰ আয়োজন কৰা হ'ব। ইফালে ৰমেশে কয় যে এয়া কেৱল 'এম জি এনৰেগা ৰক্ষাৰ অভিযান' নহয়, ই হৈছে 'এম জি এনৰেগা ৰক্ষাৰ সংগ্ৰাম' আৰু ইয়াৰ প্ৰথম পর্যায় আৰম্ভ হ'ব আন্দোলনৰ পৰিকল্পনা চূড়ান্ত কৰিবলৈ ৮ জানুৱাৰীত সকলো ৰাজ্যিক কংগ্ৰেছৰ মুখ্য কার্যালয়ত অনুষ্ঠিত হ'বলগীয়া প্রস্তুতি সভাৰে।
উল্লেখযোগ্য যে লোক সভাত গৃহীত হোৱাৰ কেইঘণ্টামানৰ পাছতে ২০২৫ চনৰ ১৮ ডিচেম্বৰত মৌখিক ভোটত 'বিকশিত ভাৰত-গেৰাণ্টি ফৰ ৰোজগাৰ এণ্ড আজীৱিকা মিছন বিল' ৰাজ্য সভাত গৃহীত হৈছিল। ২১ ডিচেম্বৰত ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুৱে এই বিধেয়কত অনুমোদন জনোৱাৰ পাছত এইখন আইন হৈছিল। কর্মসংস্থানৰ আইন এম জি এনৰেগাৰ সলনি এই আইনখন অনা হৈছে।