৫ জানুৱাৰীত দেশজোৰা অভিযান কংগ্ৰেছৰ, এম জি এনৰেগা প্রত্যাহাৰৰ বিৰোধিতা

dainik janambhumi December 28, 2025

ডিজিটেল ডেস্ক : ইউ পি এ চৰকাৰৰ আমোলৰ গ্ৰাম্য নিয়োগ আইন এম জি এনৰেগা প্রত্যাহাৰ কৰাৰ বিৰুদ্ধে কংগ্ৰেছ অহা ৫ জানুৱাৰীত দেশজোৰা অভিযান আৰম্ভ কৰিব, যি অভিযান হ'ব তিনিখন কৃষি আইনৰ বিৰুদ্ধে হোৱা প্ৰতিবাদৰ দৰে। দলটোৰ অধ্যক্ষ মল্লিকার্জুন খর্গেয়ে এই কথা জনায়। শনিবাৰে কংগ্ৰেছ ৱৰ্কিং কমিটীৰ (চি ডব্লিউ চি) এখন বৈঠকৰ পাছত এখন সংবাদমেলত খর্গেয়ে কয় যে কংগ্ৰেছে দেশজুৰি 'এম জি এনৰেগা বচাও অভিযান'ৰ নেতৃত্ব দিব। 

উল্লেখযোগ্য যে ২০ বছৰীয়া পুৰণি এম জি এনৰেগাৰ ঠাইত অনা ভি বি-জি ৰাম জি বিধেয়ক অলপতে বিৰোধীৰ তীব্র প্রতিবাদৰ মাজতে সংসদৰ শীতকালীন অধিৱেশনত গৃহীত হয়। খর্গেয়ে কয় যে মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেন্ট গেৰাণ্টি এক্ট (এম জি এনৰেগা) কেবল এখন আঁচনিয়েই নাছিল, ই আছিল সংবিধানে দিয়া 'কামৰ অধিকাৰ।' তেওঁ আৰু জনায় যে চি ডব্লিউ চিৰ বৈঠকত দলৰ নেতাসকলে যিকোনো মূল্যৰ বিনিময়ত এম জি এনৰেগাৰ সুৰক্ষাৰ বাবে পণ লয়। ইয়াৰ আগতে চি ডব্লিউ চিৰ বৈঠকত খর্গেয়ে কয় যে এম জি এনৰেগা আঁতৰোৱাটো মহাত্মা গান্ধীৰ প্ৰতি অপমান। কংগ্ৰেছৰ মুৰব্বীজনে বাংলাদেশত হিন্দু সংখ্যালঘুৰ ওপৰত হোৱা আক্ৰমণৰ গৰিহণা দি কয় যে সমগ্র দেশ এই কথাত উদ্বিগ্ন। 

তেওঁ আৰু অভিযোগ কৰে যে বৰদিন উদযাপনৰ 
 সময়ত 'বিজেপি আৰু আৰ এছ এছৰ সৈতে সম্পর্ক থকা সংগঠনে কৰা আক্রমণে সাম্প্রদায়িক সমন্বয়ত আঘাত হানিছে আৰু বিশ্বজুৰি ভাৰতৰ ভাবমূৰ্তিত কালিমা হানিছে। কালিৰ চি ডব্লিউ চিৰ বৈঠকত দলটোৰ প্ৰাক্তন মুৰব্বী ছোনিয়া গান্ধী, হিমাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী সুখৱিন্দৰ সিং সুখু, তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডী আৰু দলটোৰ সাধাৰণ সম্পাদক কে চি বেণুগোপালকে ধৰি অন্যান্য নেতাসকল উপস্থিত আছিল। দলৰ নেতা শশী থাৰুৰো বৈঠকত উপস্থিত থাকে।

Share This