কংগ্ৰেছ ৱৰ্কিং কমিটি গঠন, স্থান লাভ কৰিলে বহু  'বিদ্ৰোহী' নেতাই, অন্তৰ্ভুক্ত হ’ল অসমৰ গৌৰৱ গগৈও

Jyoti Borah August 20, 2023

ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেই আজি কংগ্ৰেছৰ এখন নতুন কাৰ্যকৰী সমিতি গঠন কৰে। কংগ্ৰেছৰ কাৰ্যকৰী সমিতি খনত এইবাৰ বহু কেইগৰাকী বিদ্ৰোহী নেতাৰ লগতে নতুন মুখে স্থান লাভ কৰিছে।  ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে গঠন কৰা কংগ্ৰেছৰ নতুন কাৰ্যকৰী সমিতি খনে বিভিন্ন ৰাজ্যত দলটোক অধিক শক্তিশালী কৰি তুলিব পাৰিব বুলি আশা কৰা হৈছে।    ৩৯ জনীয়া কংগ্ৰেছ ৱৰ্কিং কমিটি (চিডব্লিউচি)ত অন্তৰ্ভুক্ত কৰা হৈছে অসমৰ গৌৰৱ গগৈকো। সমিতি খনত ২১ জন আমন্ত্ৰিত  সদস্যও আছে। আমন্ত্ৰণ জনোৱা সদস্যসকলৰ ভিতৰত ৰাষ্ট্ৰীয় ৰাজনীতিৰ কেইবাখনো  চিনাকি মুখ আছে।
তাৎপৰ্যপূৰ্ণভাৱে, ৩৯ জনীয়া সমিতিখনত দলটোৰ  বিদ্ৰোহী কেইবাজনো  নেতাৰ নাম অন্তৰ্ভুক্ত কৰা হৈছে। উদাহৰণ স্বৰূপে ৰাজস্থানত অশোক গেহলটৰ বিৰোধী বুলি জনাজাত শচীন পাইলটক স্থান দিয়া হৈছে।  মল্লিকাৰ্জুন খাৰ্গেৰ বিৰুদ্ধে কংগ্ৰেছ সভাপতি পদৰ বাবে প্ৰতিদ্বন্দিতা কৰি থকা শশী থাৰুৰকো সমিতিখনত অন্তৰ্ভুক্ত কৰা হৈছে। জি-২৩ গোটৰ এজন সদস্য আনন্দ শৰ্মাকো অন্তৰ্ভুক্ত কৰা হৈছে।প্ৰিয়ংকা গান্ধী, গৌৰৱ গগৈ আৰু কে পেটেল হৈছে কংগ্ৰেছ ৱৰ্কিং কমিটিত অন্তৰ্ভুক্ত হোৱা  যুৱ মুখবোৰৰ ভিতৰৰে কেইখনমান মুখ। উদয়পুৰত চিন্তন বৈঠকতে  সিদ্ধান্ত লোৱা হৈছিল যে কংগ্ৰেছৰ নতুন সমিতি খনৰ ৫০  শতাংশ সদস্যৰ বয়স ৫০ বছৰৰ তলৰ হ'ব লাগিব। কিন্তু সেই চৰ্তটো এইবেলি সম্পূৰ্ণ ৰূপে পূৰণ কৰা হোৱা নাই । তথাপি  কেইবাজনো যুৱ নেতাই কংগ্ৰেছৰ  নতুন সমিতিত স্থান লাভ কৰিছে। সমিতি খনত  মাত্ৰ তিনিজন ৫০  বছৰৰ তলৰ। জ্যেষ্ঠ নেতাসকলৰ ভিতৰত আছে ছোনিয়া গান্ধী, ৰাহুল গান্ধী, মনমোহন সিং, এ কে এণ্টনী, বিৰাপ্পা মৈলী  আদি। 
বংগৰ পৰা কংগ্ৰেছ ৱৰ্কিং কমিটিত দুজনক অন্তৰ্ভুক্ত কৰা হৈছে।তেওঁলোক হ’ল  অধীৰ ৰঞ্জন চৌধুৰী আৰু দীপা দাসমুন্সি। উত্তৰ পূবৰ মিজোৰামৰ পৰা লালথানহাওলা আৰু মণিপুৰৰ গাইখাংগামেও কংগ্ৰেছৰ কাৰ্যকৰী সমিতিত স্থান লাভ কৰিছে।

Share This