ডিজিটেল ডেস্ক : দূষিত পানী সেৱন কৰাৰ ফলত এইবাৰ হাৰিয়ানাৰ পালৱাল জিলাত মহামাৰী-সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। জিলাখনৰ চয়ঞ্চ গাঁৱত স্বাস্থ্য কর্তৃপক্ষই জৰুৰী অৱস্থা ঘোষণা কৰিছে। এতিয়ালৈকে দূষিত পানী সেৱন কৰি যকৃতৰ ৰোগত আক্রান্ত হৈ হাৰিয়ানাৰ জিলাখনত কমেও সাতজন লোকে প্রাণ হেৰুৱাইছে।
আনহাতে, মধ্য প্রদেশ, গুজৰাট, পশ্চিম বংগ আৰু শেহতীয়াকৈ হাৰিয়ানাত দূষিত পানী সেৱনৰ ফলত বহু লোক যকৃতৰ ৰোগত আক্রান্ত হৈছে আৰু ইন্দোৰ, গান্ধীনগৰ, কলকাতা আৰু পালৱালত যোৱা কেইসপ্তাহমানৰ পৰা মহামাৰী-সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। ৪খন ৰাজ্যৰ ৪ ঠাইত দূষিত পানী সেৱন কৰি শতাধিক লোক গুৰুতৰ ৰোগত আক্রান্ত হৈছে।
লক্ষণীয় বিষয়টো হ'ল ভাৰতৰ সবাতোকৈ পৰিষ্কাৰ চহৰ মধ্য প্রদেশৰ ইন্দোৰত দূষিত পানী সেৱনৰ ঘটনাৰ পৰা আৰম্ভ কৰি গুজৰাটৰ সু-পৰিকল্পিত গান্ধীনগৰ, পশ্চিম বংগৰ কলকাতাৰ নাগৰিক গুৰুতৰ ৰোগত আক্রান্ত হোৱাটোৱে দেশৰ জনস্বাস্থ্যলৈ সংকট নমাইছে।