অধিক ক্ষমতাশালী হ'ব বিতর্কিত সেনাপ্রধান আছিম মুনিৰ

dainik janambhumi November 10, 2025

ডিজিটেল ডেস্কঃ পাকিস্তানত সেনা প্রধান জেনেৰেল আছিম মুনিৰক অভূতপূর্ব ক্ষমতা দিয়াৰ প্ৰস্তুতি চলাইছে দেশখনৰ শ্বেহবাজ শ্বৰীফৰ নেতৃত্বাধীন চৰকাৰখনে। শ্বৰীফ চৰকাৰে সংসদত উত্থাপন কৰা সংবিধানৰ ২৭ সংখ্যক সংশোধনৰ জৰিয়তে দেশখনৰ চৰকাৰী প্ৰতিষ্ঠানসমূহৰ মাজত শক্তিৰ সন্তুলন সলনি হ'ব।

ইয়াৰ ফলত বিশেষভাৱে সেনাৰ ভূমিকা অধিক শক্তিশালী হ'ব আৰু বৰ্তমানৰ সেনা প্রধান জেনেৰেল মুনিৰক অধিক ক্ষমতা দিয়া হ'ব। এই সংশোধনৰ জৰিয়তে এটা অত্যধিক শক্তিশালী পদ চীফ অব ডিফেন্স ফর্চেজ (চি ডি এফ) সৃষ্টি কৰা হ'ব। এই পদটো সেনা প্রধানৰ হাতত থাকিব। আন কথাত ইতিমধ্যে উচ্চ সদনত গৃহীত হোৱাৰ পাছত এই সংবিধান সংশোধনী বিধেয়ক নিম্ন সদনত উত্থাপন কৰা হ'ব।

দুয়োখন সদনে অনুমোদন জনোৱাৰ পাছত মুনিৰৰ চি ডি এফ হ'ব। আন কথাত মুনিৰ সাংবিধানিকভাৱে স্থল সেনা, বায়ু সেনা আৰু নৌসেনাৰ সৰ্বোচ্চ মুৰব্বী হ'ব আৰু তেওঁৰ হাতত অভূতপূর্ব ক্ষমতা থাকিব। নেশ্যনেল এছেম্বলীত সংশোধনী বিধেয়কখন গৃহীত হোৱাৰ পাছত ফিল্ড মার্শাল পদ সাংবিধানিক হৈ পৰিব। ফিল্ড মার্শাল মুনিৰৰ ক্ষমতা দেশখনৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীতকৈ অধিক হ'ব। তেওঁ আজীৱন ফিল্ড মার্শাল হৈ থাকিব আৰু কোনেও তেওঁক প্রত্যাহবান জনাব নোৱাৰিব। পাকিস্তানৰ বিৰোধী পক্ষই এই সংবিধান সংশোধনৰ তীব্ৰ বিৰোধিতা কৰিছে। বিৰোধী পক্ষৰ মতে, শ্বেহবাজ শ্বৰীফে দেশখনত সাংবিধানিকভাৱে সামৰিক অভুত্থানত স্বীকৃতি দিবলৈ বিচাৰিছে। পাকিস্তানৰ আইন মন্ত্ৰীজনে জনোৱা মতে, চি ডি এফৰ পৰামৰ্শ ক্রমে প্ৰধানমন্ত্ৰীয়ে ৰাষ্ট্ৰীয় সামৰিক কমাণ্ডৰ কমাণ্ডাৰ নিযুক্ত কৰিব।

ইয়াৰ ফলত পাকিস্তানৰ পাৰমাণৱিক কমাণ্ড গাঁথনি সেনাৰ নিয়ন্ত্রণত থাকিব। আন কথাত মুনিৰৰ হাতত কমাণ্ড ন্যস্ত হৈ থাকিব। এই বিধেয়কখনত নেশ্যনেল এছেম্বলীয়ে অনুমোদন জনোৱাৰ পাছত শ্বেহবাজ শ্বৰীফ নামমাত্র প্রধানমন্ত্রী হৈ থাকিব। ইয়াৰ পৰিৱৰ্তে মুনিৰে অসীম ক্ষমতা লাভ কৰিব। ইফালে এই বিধেয়কখনৰ বিৰোধিতা কৰি বিৰোধী পক্ষই সমগ্র দেশতে আন্দোলন ঘোষণা কৰিছে।

Share This