উঃ-পূবক সংলগ্ন কৰি বাংলাদেশৰ মানচিত্ৰ, মহম্মদ ইউনুছে প্ৰকাশ কৰা গ্ৰন্থৰ বিতর্কিত বেটুপাত

dainik janambhumi October 28, 2025

ডিজিটেল ডেস্ক : বাংলাদেশৰ অন্তৰ্ৱৰ্তী চৰকাৰৰ মুখ্য উপদেষ্টা মহম্মদ ইউনুছে পাকিস্তানৰ সামৰিক বাহিনীৰ এজন জ্যেষ্ঠ বিষয়াক উপহাৰ দিয়া এখন কিতাপৰ বেটুপাতত থকা এখন মেপক লৈ তীব্র বিতৰ্কৰ সৃষ্টি হৈছে। পাকিস্তানৰ জ্যেষ্ঠ সেনা বিষয়া জেনেৰেল সাহিৰ ছমছাদ মির্জাই সোমবাৰে নিশা ঢাকাত ইউনুছক সাক্ষাৎ কৰে। সেই সময়ত ইউনুছে তেওঁ এই কিতাপখন উপহাৰ দিয়ে। 

'আর্ট অব্‌ট্রায়ম্প' নামৰ এই কিতাপখনৰ বেটুপাতত থকা মেপত ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলক বাংলাদেশৰ অংশ হিচাপে দেখুৱাও হৈছে। উল্লেখযোগ্য যে ছমছাদ নির্জা পাকিস্তানী সামৰিক বাহিনীত জেনেৰেল আছিফ মুনিৰৰ পাছতে আটাইতকৈ শক্তিশালী বিষয়া। 'আর্ট অব্‌ট্রায়ম্প' বাংলাদেশত যোৱা বছৰ জুলাই-আগষ্টত হোৱা ছাত্র-গণ আন্দোলনৰ অঁকা গ্রাফিটি আৰু আন চিত্ৰসমূহৰ সংকলন। যোৱা বছৰ ছেপ্টেম্বৰত ইউনুছে এই কিতাপখন প্রকাশ কৰিছিল। অৱশ্যে ৰাজহুৱাভাৱে বিক্ৰীৰ বাবে এই গ্ৰন্থখন পোৱা নাযায়। ইউনুছে সাধাৰণতে এই গ্ৰন্থখন উপহাৰ হিচাপে দিয়ে। যোৱা বছৰ ছেপ্টেম্বৰত তেওঁ কানাডাৰ তেতিয়াৰ প্রধানমন্ত্রী জাষ্টিন ট্রুডোকো এই গ্ৰন্থখন উপহাৰ হিচাপে দিছিল। 

ঢাকা ট্রিবিউনে প্রকাশ কৰা এটা বাতৰিত উল্লেখ কৰা মতে, এই সংকলনখন এতিয়ালৈকে ১২জনকৈ অধিক বিদেশী নেতা তথা বিষয়াক উপহাৰ হিচাপে দিয়া হৈছে। ইয়াৰ ভিতৰত আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জ' বাইডেনো আছে। উল্লেখযোগ্য যে কিতাপখনৰ বেটুপাতত থকা বাংলাদেশৰ মেপখন দেশখনত থকা গোড়া ইছলামিক গোটসমূহৰ বৃহত্তৰ বাংলাদেশৰ মানচিত্ৰৰ সৈতে একে। উত্তৰ-পূৰ্বাঞ্চলক অন্তর্ভুক্ত কৰি প্ৰকাশ কৰা এই মেপখন পাকিস্তানৰ সামৰিক বিষয়াক উপহাৰ দিয়াক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। উল্লেখযোগ্য যে পূৰ্বৰ শেখ হাছিনা চৰকাৰৰ পতনৰ পাছৰে পৰা বাংলাদেশৰ পাকিস্তানৰ সৈতে সম্পর্ক ঘনিষ্ঠ হৈছে। পাকিস্তানৰ কুখ্যাত চোৰাংচোৱা সংস্থা আই এছ আইৰ সহযোগত দেশখনত ভাৰত-বিৰোধী ইছলামিক গোটসমূহ অধিক সক্রিয় হৈ পৰিছে।

Share This