ডিজিটেল ডেস্কঃ এদল উন্মত্ত জনতাই এজন কুকি নেতাৰ ঘৰ জ্বলাই দিয়াৰ পাছত মণিপুৰৰ চূড়াচান্দপুৰ জিলাত উত্তেজনা বিয়পি পৰিছে। আৰক্ষীয়ে এই কথা জনায়। কুকি নেশ্যনেল অর্গেনাইজেশ্যনৰ (কে এন অ') নেতা কেলভিন আইখেনথাঙৰ ঘৰটো দেওবাৰে ৰাতি এদল লোকে জ্বলাই দিয়ে বুলি আৰক্ষীয়ে দাবী কৰে।
অৱশ্যে চূড়াচান্দপুৰৰ স্থানীয় একাংশ লোকৰ মতে শ্বৰ্ট চাৰ্কিটৰ বাবে উক্ত অগ্নিকাণ্ড সংঘটিত হৈছিল। উল্লেখযোগ্য যে শেহতীয়াকৈ কেন্দ্ৰীয় চৰকাৰৰ সৈতে 'ছাছপেনছিয়ন অব্ অপাৰেশ্যন্ছ' (এছ অ' অ') চুক্তিত স্বাক্ষৰ কৰা মুখ্য সংগঠনকেইটাৰ ভিতৰত কে এন অ' আছে।
আনহাতে কুকি জো কাউন্সিলৰ (কে জেড চি) মুখপাত্র তথা ইণ্ডিজিনিয়াছ ট্রাইবেল লীডাৰ্ছ ফৰাম (আই টি এল এফ)ৰ নেতা গিনঝা ভাউলঝঙৰ বাসভৱনকো দুর্বৃত্তই আক্ৰমণৰ লক্ষ্য কৰি লৈছিল। কিন্তু স্থানীয় লোকৰ তৎপৰতা আৰু সহায়ৰ বাবে ঘৰটো জ্বলাৰ পৰা ৰক্ষা পৰিল।
যোৱা ৪ ছেপ্টেম্বৰত মণিপুৰৰ ভৌগোলিক অখণ্ডতা ৰক্ষাকে ধৰি কেইবাটাও বিষয়ত দুটা মুখ্য কুকি জো সংগঠনে কেন্দ্রীয় চৰকাৰৰ সৈতে চুক্তি স্বাক্ষৰ কৰিছিল। কে এন অ' আৰু ইউনাইটেড পীপল ফ্রণ্টৰ সৈতে চৰকাৰে কৰা এই চুক্তিয়ে শান্তিৰ প্রচেষ্টাত ইতিবাচক প্রভাৱ পেলাইছে। পৃথকভাৱে কে জেড চিয়েও ২ নং ৰাষ্ট্ৰীয় ঘাইপথ মুকলি কৰি দিয়াৰ সিদ্ধান্ত লৈছিল।