সুলভ মূল্যৰ চাউল বিতৰণত বাঘমাৰাচৰত দুর্নীতি

dainik janambhumi June 24, 2025

ডিজিটেল ডেস্কঃ বৰপেটা জিলাৰ চেঙা সমষ্টিৰ অন্তর্গত বাঘমাৰাচৰ সমবায় সমিতিৰ এজেন্টসকলে সুলভ মূল্যৰ চাউল বিতৰণৰ নামত দীর্ঘদিন ধৰি ব্যাপক দুর্নীতি-অনিয়ম সংঘটিত কৰাৰ পাছতো ৰহস্যজনকভাৱে দুর্নীতিগ্রস্ত এজেণ্টসকলৰ বিৰুদ্ধে যোগান বিভাগে কোনো ব্যবস্থা গ্রহণ নকৰাৰ অভিযোগ উঠিছে।

অভিযোগ অনুসৰি, সমবায় সমিতিৰ এজেন্টসকলে প্রতিমাহে সংঘটিত কৰা দুর্নীতি-অনিয়মৰ বিৰুদ্ধে পূর্বে প্রকাশিত বাতৰি একাংশ সচেতন লোকে যোগান বিভাগৰ ডি ডি এছৰ লগতে যোগান বিভাগৰ দায়িত্বত থকা অতিৰিক্ত জিলা আযুক্তক প্রদান কৰাৰ পাছতো কোনোধৰণৰ ব্যৱস্থা গ্রহণ কৰা নাই। মূলতঃ যোগান বিভাগৰ এনে অৱহেলা আৰু ৰহস্যজনক স্থিতিৰ বাবেই প্রতিমাহে গ্ৰাহকৰ পৰা বৃহৎ পৰিমাণৰ চাউল কৰ্তন কৰি ক'লা বজাৰত বিক্ৰী কৰি আহিছে এজেন্টসকলে।

জানিব পৰা মতে, সমবায় সমিতিৰ পঞ্জীয়নভুক্ত ৭৪জন এজেন্টে বেছনকার্ড থকা গ্রাহকসকলক চৰকাৰী নিৰিখৰ পৰিৱর্তে চাউল কর্তন কৰি আহিছে
তথ্য অনুসৰি, বাঘমাৰাচৰ সমবায় সমিতিয়ে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ অধীনত থকা ১১,৭৭৯খন বেছনকাৰ্ডৰ ৪৬,১২০জন ব্যক্তিৰ নামত মাহেকত ২,২২৩ কুইণ্টল চাউল লাভ কৰে। একেদৰে অন্ত্যোদয়া আঁচনিৰ ৯৬৪টা ৰেছনকার্ডভুক্ত গ্ৰাহকৰ নামত প্রতিমাহে চাউল লাভ কৰে ৩৩৭ কুইণ্টল। মাহেকত খাদ্য সুৰক্ষাৰ ২,২২৩ কুইণ্টল আৰু অন্ত্যোদয়া আঁচনিৰ ৩৩৭ কুইণ্টল চাউল বিতৰণৰ নামত ব্যাপকভারে দুর্নীতি-অনিয়ম সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে। চৰকাৰী নিয়মানুসৰি ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ প্রতিজন গ্রাহকৰ নামত ৫ কিল'গ্রামকৈ আৰু অন্ত্যোদয়া গ্রাহকৰ প্ৰতিখন বেছনকাৰ্ডৰ নামত দিয়া হয় ৩৫ কেজিকৈ চাউল। কিন্তু বাঘমাৰাচৰ সমবায় সমিতিৰ এজেন্টসকলে বিগত ৪-৫ মাহে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষাৰ প্ৰতিটো ৰেছনকাৰ্ডৰ পৰা ১ কেজিকৈ আৰু অন্ত্যোদয়া ৰেছনকাৰ্ডৰ ৩ৰ পৰা ৫ কেজিকৈ চাউল কর্তন কৰি ৰাখি বিতৰণ কৰি আহিছে।

ৰাজ্য চৰকাৰে চালিত মাহত একেবাৰে তিনি মাহৰ চাউল এজেন্টসকলে প্রতিটো ৰেছনকাৰ্ডৰ পৰা অতিৰিক্তভাবে চাউল কৰ্তন কৰি ৰখাৰ অভিযোগ উত্থাপিত হৈছে। একাংশ গ্রাহকে অভিযোগ কৰা মতে, সমবায় সমিতিৰ প্রতিজন এজেন্টে তেওঁলোকৰ দোকানৰ অন্তর্ভুক্ত একাংশ সচেতন আৰু প্ৰভাৱশালী লোকৰ পৰা ৰেছনকাৰ্ডপতি ১ৰ পৰা ২ কেজিলৈকে চাউল কৰ্তন কৰাৰ বিপৰীতে ৭০-৮০ শতাংশ দুখীয়া দৰিদ্ৰ লোকৰ পৰা ৩ কেজিকৈ চাউল কৰ্তন কৰি ৰাখিছে। সুলভমূল্যৰ চাউল বিতৰণত কোনোধৰণৰ দুর্নীতি-অনিয়ম সহ্য কৰা নহ'ব বুলি মুখ্যমন্ত্রী, যোগান মন্ত্ৰীয়ে সকীয়নি প্রদান কৰাৰ পাছতো স্বয়ং যোগান মন্ত্ৰীৰ গৃহ জিলাতে এনে ভয়ংকৰ দুর্নীতি সংঘটিত হোৱা ঘটনাই প্রকৃতার্থত কি সূচাইছে? সুলভ মূল্যৰ চাউল বিতৰণত দুর্নীতি-অনিয়মত লিপ্ত বাঘমাৰাচৰ সমবায় সমিতিৰ দুর্নীতিগ্রস্ত এজেন্টসকলৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণ কৰিবলৈ যোগান মন্ত্রী ৰঞ্জিত কুমাৰ দাস আৰু জিলা আযুক্তক দাবী জনাইছে সচেতন মহলে।

Share This