কটন বিশ্ববিদ্যালয়ত আন্তঃশিক্ষানুষ্ঠান টাইকোৱাণ্ডো আৰম্ভ

dainik janambhumi May 23, 2026

ডিজিটেল ডেস্ক : কটন বিশ্ববিদ্যালয়ৰ উদ্যোগত আৰু অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সহযোগত কালিৰ পৰা দুদিনীয়াকৈ কটন বিশ্ববিদ্যালয়ৰ ডাঃ টি আও ইনড'ৰ ষ্টেডিয়ামত আৰম্ভ হৈছে সদৌ অসম আন্তঃশিক্ষানুষ্ঠান টাইকোৱাণ্ডো চেম্পিয়নশ্বিপ ২০২৬। কিউৰোগী, জুনিয়ৰ আৰু ছিনিয়ৰ শাখাত অনুষ্ঠিত প্রতিযোগিতাখনত ৰাজ্যখনৰ ৬০খন শিক্ষা প্রতিষ্ঠানৰ প্ৰায় ২৭৫গৰাকী খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। 

উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ মহলাৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে আয়োজিত প্রতিযোগিতাখনৰ উদ্বোধনী অনুষ্ঠানত সন্মানীয় অতিথি হিচাপে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক অংকুৰ ভৰালী, কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ৰমেশ চন্দ্র ডেকা,বিশ্ববিদ্যালয়খনৰ পঞ্জীয়ক ড° হীৰেন ডেকা, ছাত্র কল্যাণৰ সঞ্চালক ড° গুণেন্দ্ৰ চন্দ্ৰ দাস, সদৌ অসম টাইকোৱাণ্ডো সন্থাৰ সাধাৰণ সম্পাদক হিৰণ্য শইকীয়া, কটন বিশ্ববিদ্যালয়ৰ ক্রীড়া নির্দেশক কুলেন দাস উপস্থিত থাকে। 

প্রতিযোগিতাখন উদ্বোধন কৰি ক্ৰীড়া সঞ্চালক অংকুৰ ভৰালীয়ে অংশগ্রহণকাৰী খেলুৱৈসকলক শুভেচ্ছা জনোৱাৰ লগতে অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ ফালৰ পৰা কটন বিশ্ববিদ্যালয়, গুৱাহাটী বিশ্ববিদ্যালয় আৰু অসম ইঞ্জিনীয়াৰিং কলেজলৈ এইবাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ কথা উল্লেখ কৰে। ইয়াৰ উপৰি কটন বিশ্ববিদ্যালয়ৰ ডাঃ টি আও ইনড'ৰ ষ্টেডিয়ামৰ মজিয়াখন ক্রীড়া বিভাগৰ তৰফৰ পৰা মেপ'ল কাঠেৰে পুনৰ মেৰামতি কৰা বুলিও কয় সঞ্চালকগৰাকীয়ে।

Share This