এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই নকল টকাৰ ৰমৰমীয়া ব্যৱসায়,দেৰগাঁও আৰক্ষীৰ অভিযানত উদ্ধাৰ নকল টকা বনোৱা সঁজুলি

Rashmi August 17, 2025

ডিজিটেল ডেস্কঃ দেৰগাঁও ইছলামপট্টিৰ এটা বাসগৃহত আৰক্ষীৰ অভিযান। অভিযানত উদ্ধাৰ নকল টকা বনোৱা বহু সঁজুলি। 

শনিবাৰে নিশা দেৰগাঁও ইছলামপট্টিৰ এটা গৃহৰ পৰা দেৰগাঁও সমজিলা আৰক্ষী অধীক্ষক বিক্ৰমজিৎ বৰাৰ নেতৃত্বত উদ্ধাৰ কৰে বুজন পৰিমাণৰ নকল নোট বনোৱা কেমিকেলসহ ক'লা আৰু বগা ৰঙৰ কাগজৰ বহু বান্দিল।

এক গোপন সূত্ৰৰ পম খেদি যোৱা নিশা আৰক্ষীৰ দলে ইছলামপট্টিৰ এটা গৃহৰ পৰা উদ্ধাৰ কৰে নকল টকা বনোৱা সামগ্ৰীসমূহ। আৰক্ষী অহাৰ সম্ভেদ পাই ঘটনাৰ লগত জড়িতসকলে পলাই পত্ৰং দিয়ে। বৰ্তমানলৈকে এই সন্দৰ্ভত আৰক্ষীয়ে কোনো লোকক আটক কৰা নাই।
অভিযান চলি থকা সময়ত আৰক্ষীয়ে কোনো ধৰণৰ মন্তব্য দিয়াৰ পৰা বিৰত থাকে।


জানিব পৰা মতে দেৰগাঁও ইছলামপট্টিত বিগত বহু দিন ধৰি এক দুষ্টচক্ৰই এগুণক দুগুণ টকা দিয়াৰ প্ৰলোভন দেখুৱাই এক নকল টকাৰ ৰমৰমীয়া ব্যৱসায় কৰি আহিছে বুলি আৰক্ষীৰ সূত্ৰত প্ৰকাশ।


উৎস : প্ৰাগ নিউজ ডিজিটেল

Share This