ডিজিটেল ডেস্ক : নির্বাচন আয়োগে ভোট গণনাৰ নিয়মৰ কিছু সালসলনি কৰিছে। বৃহস্পতিবাৰে আয়োগে এই কথা জনায়। এতিয়াৰ পৰা পোষ্টেল বেলটৰ গণনাত পলম হ'লে ই ভি এমৰ গণনা বন্ধ ৰখা হ'ব। তদুপৰি বেলট বেছি হ'লে কাউন্টিং টেবুলো বৃদ্ধি কৰা হ'ব।
দৰাচলতে ভোটগণনাৰ দিয়া গণনা পুৱা ৮ বজাত আৰম্ভ হয় আৰু ই ভি এমৰ গণনা ৮-৩০ বজাত আৰম্ভ হয়। কোনো কোনো ভোটগণনা কেন্দ্রত ই ভি এমৰ গণনা সোনকালেই শেষ হৈছিল, বেলটত সময় লাগিছিল।
এতিয়া নির্বাচন আয়োগৰ নতুন নিয়ম অনুসৰি বেলটৰ গণনা বাকী থাকিলে, ই ভি এমৰ শেষৰ আগৰ ৰাউণ্ডৰ গণনা বেলটৰ গণনা শেষ নোহোৱালৈকে ৰখাই দিয়া হ'ব। নির্বাচন আয়োগে বৃহস্পতিবাৰে এই জাননী জাৰি কৰে। এই নতুন নিয়ম আৰম্ভ হ'ব আগন্তুক বিহাৰৰ বিধানসভা নিৰ্বাচনৰ পৰা।