অগণন মাৰ্কিন নাগৰিকে পুনৰ ঘেৰাও কৰিলে হোৱাইট হাউছ

dainik janambhumi April 21, 2025

ডিজিটেল ডেস্কঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড'নাল্ড ট্রাম্পৰ নীতিৰ বিৰোধিতা কৰি হাজাৰ হাজাৰ লোকে কালি পুনৰ ৰাজপথলৈ ওলাই আহে। দেশখনৰ ৫০খন ৰাজ্যত প্রতিবাদৰ ঢৌ উঠে। প্রতিবাদকাৰীসকলে ট্রাম্পৰ শুল্ক যুদ্ধ, চৰকাৰী চাকৰিৰ পৰা ছাটাই কৰাকে ধৰি ট্ৰাম্পৰ নীতিৰ বিৰোধিতা কৰি দেশখনৰ

প্ৰায়বোৰ প্ৰদেশত প্রতিবাদ সাব্যস্ত কৰাৰ লগতে ৰাষ্ট্ৰপতিৰ কাৰ্যালয় তথা বাসভৱন হোৱাইট হাউছো ঘেৰাও কৰে। প্ৰতিবাদত অংশগ্ৰহণ কৰা লোকসকলে ৰাষ্ট্ৰপতি ট্রাম্পে দেশখনৰ নাগৰিক আৰু আইনৰ শাসনক মোহাৰি পেলোৱাৰ অভিযোগ কৰে। এই প্ৰতিবাদৰ নাম দিয়া হয় '৫০৫০১'। ইয়াৰ অর্থ হ'ল ৫০খন প্রদেশত ৫০ বিক্ষোভ প্রদর্শন আৰু এটা আন্দোলন। ৰাজধানী ৱাশ্বিংটন, নিউয়র্ক, ছিকাগো আদি মহানগৰতো হাজাৰ হাজাৰ লোকে প্ৰতিবাদত অংশগ্ৰহণ কৰে। অৱশ্যে এই মহানগৰবোৰত হোৱা প্ৰতিবাদত যোৱা ৫ এপ্রিলত হোৱা প্ৰতিবাদতকৈ কালিৰ প্ৰতিবাদত অংশ লোৱা লোকৰ সংখ্যা কম আছিল। নিউয়র্ক টাইমছৰ মতে, জেকছনভিলেৰ পৰা লছ এঞ্জেলছলৈকে সমগ্র দেশত প্রায় ৭০০ প্রতিবাদী ৰেলীৰ আয়োজন কৰা হয়। প্রতিবাদকাৰীসকলে কয় যে তেওঁলোকে জনতাৰ বৰ্ধিত ক্ষোভক তৃণমূল পৰ্যায়ৰ পৰা এক বিশাল আন্দোলনৰ ৰূপ দিবলৈ বিচাৰিছে।

কালি সমগ্র দেশতে ট্রাম্প আৰু ইলন মাস্কৰ নীতিৰ বিৰোধিতা কৰি প্ৰতিবাদী ৰেলী আৰু শোভাযাত্ৰা কৰা হয়। আন্দোলনত অংশগ্রহণ কৰা লোকসকলে ট্রাম্প প্ৰশাসনৰ দ্বাৰা যুক্তৰাষ্ট্ৰীয় চৰকাৰৰ চাকৰি ছাটাই কৰা, নাগৰিকৰ স্বাধীনতা উলংঘা কৰা কাৰ্যত উদ্বেগ প্রকাশ কৰে। ৰাষ্ট্ৰপতি ট্রাম্পে আইনৰ শাসন দুৰ্বল কৰা আৰু সাধাৰণ নাগৰিকৰ অধিকাৰ দমন কৰিবলৈ বিচৰা বুলিও অভিযোগ কৰে। উল্লেখযোগ্য যে ট্রাম্পে যোৱা ২০ জানুৱাৰীত দ্বিতীয়বাৰৰ বাবে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰূপে শপতগ্রহণ কৰাৰ পাছত দেশখনত যিধৰণৰ স্বৈৰাচাৰী শাসন চলাইছে, তাৰ বিৰোধিতা কৰি কালি চতুৰ্থবাৰৰ বাবে বিক্ষোভ প্ৰদৰ্শন কৰা হয়। ইয়াৰ আগতে যোৱা ১৭ ফেব্ৰুৱাৰীৰ প্ৰতিবাদৰ নাম দিয়া হৈছিল 'ন' কিংছ ডে'। ৰাষ্ট্ৰপতি ট্রাম্পে সামাজিক মাধ্যমত নিজকে ৰজা বুলি জাহিৰ কৰাৰ পাছত এই প্রতিবাদ ৰূপায়ণ কৰা হৈছিল। প্ৰতিবাদকাৰীসকলৰ মতে, ৰাষ্ট্ৰপতি ট্রাম্প চৰকাৰৰ স্বেচ্ছাচাৰী শাসনৰ পৰা তেওঁলোকে দেশখনক বচাবলৈ বিচাৰিছে। ইয়াৰ প্ৰধান উদ্দেশ্য হ'ল দেশখনৰ একতা অটুট ৰখা আৰু সংবিধান ৰক্ষা কৰা। ডেম'ক্রেট, ৰিপাব্লিকান আৰু ৰাজনৈতিক মতাদৰ্শৰ পৰা আঁতৰত থকা বৃহৎসংখ্যক লোকে আন্দোলনত অংশগ্রহণ কৰা বুলি প্ৰতিবাদকাৰীসকলে কয়। বাতৰি প্রতিষ্ঠান এ এফ পিয়ে জনোৱা মতে, নিউয়র্কত প্রতিবাদকাৰীসকল মহানগৰখনৰ মুখ্য লাইব্ৰেৰীৰ সন্মুখত একত্ৰিত হয় আৰু 'ন' কিংছ ইন আমেৰিকা'

(আমেৰিকাত কোনো ৰজা নাই), ৰেজিষ্ট টিৰেনী (স্বৈৰাচাৰী শাসনৰ বিৰোধ কৰক) আদি শ্ল'গান লিখা থকা প'ষ্টাৰ প্ৰদৰ্শন কৰে। প্ৰতিবাদকাৰীসকলে ট্রাম্পৰ প্ৰব্ৰজন নীতিৰো বিৰোধিতা কৰি প'ষ্টাৰ প্ৰদৰ্শন কৰে। ৱাশ্বিংটনত প্ৰতিবাদকাৰীসকলে ট্রাম্প প্রশাসনে সাংবিধানিক নীতি বিশেষকৈ 'ন্যায়ৰ প্ৰক্ৰিয়া' দুর্বল কৰাৰ অভিযোগ কৰে। হোৱাইট হাউছৰ সন্মুখত প্রতিবাদত অংশগ্রহণ কৰা এজন প্রতিবাদকাৰীয়ে কয়, 'এই প্রশাসনে আইনৰ শাসন আৰু নাগৰিকক অত্যাচাৰ নকৰাৰ মূল নীতিক প্রত্যক্ষভাৱে আক্ৰমণ কৰিছে।' প্ৰতিবাদকাৰীৰ হাতত ট্রাম্পক আল ছালভাডোৰ জে'ললৈ প্ৰেৰণ কৰাৰ দাবী জনোৱা প'ষ্টাৰ দেখা পোৱা যায়। নিউয়র্কত প্রতিবাদত অংশগ্রহণ কৰা লোকসকলে কয়, 'আমি অতি গভীৰ সংকটত পৰিছোঁ।

' তেওঁলোকে ট্রাম্পক হিটলাৰৰ লগত তুলনা কৰে আৰু কয় যে ৰাষ্ট্ৰপতি ট্রাম্প হিটলাৰৰ দৰে ফেচীবাদী নেতাসকলৰ তুলনাত অতি মূর্খ। ট্রাম্পে বিজ্ঞান আৰু জনস্বাস্থ্যলৈ পুঁজিৰ কৰ্তনক সমালোচনা কৰি বাল্টিম'ৰত প্ৰতিবাদত অংশগ্ৰহণ কৰা লোকসকলে কয়, 'বিজ্ঞানক উপেক্ষা কৰিলে মানুহৰ মৃত্যু হয়।' প্ৰব্ৰজনকাৰীক গ্ৰেপ্তাৰ কৰা, হাতকেৰেয়া লগাই দেশৰ পৰা বাহিৰ কৰাৰো বিৰোধিতা কৰে প্ৰতিবাদকাৰীসকলে। তেওঁলোকে আমেৰিকাৰ ইমিগ্রেশ্যন এণ্ড কাষ্টম এনফ'ৰ্চমেণ্টৰো (আই চি ই) বিৰোধিতা কৰে।

Share This