দেশত আৰম্ভ হৈছে নতুন প্ৰজন্মৰ ই-পাছপ'ৰ্ট প্রক্রিয়া, কেন্দ্ৰীয় চৰকাৰৰ ব্যাপক সংস্কাৰ সাধন

dainik janambhumi November 23, 2025

ডিজিটেল ডেস্ক : ভাৰতে নতুন প্ৰজন্মৰ ই-পাছপ'ৰ্ট জাৰি কৰিবলৈ আৰম্ভ কৰিছে। এতিয়াৰ পৰা সকলো নতুন পাছপ'ৰ্ট কেৱল ই-পাছপ'র্টহে হ'ব। পাছপ'র্ট প্রণালীত বৃহৎ সংস্কাৰ সাধন কৰি কেন্দ্ৰীয় চৰকাৰে এই হাইব্রিড ই-পাছপ'ৰ্ট আৰম্ভ কৰে। এই হাইব্রিড কাগজ লগতে ইলেক্ট্রনিক-দুয়ো ধৰণেৰে পোৱা যাব। 

ইয়াৰ মূল উদ্দেশ্য হ'ল পাছপ'ৰ্টৰ জালিয়াতি, নকল আৰু প্ৰৱঞ্চনা প্ৰতিৰোধ কৰা। বিদেশ মন্ত্ৰ্যালয়ৰ এজন জ্যেষ্ঠ বিষয়াই এই কথা প্ৰকাশ কৰি কয় যে পুৰণি পাছপ'ৰ্টৰ বৈধতা অন্ত পৰালৈকে অথবা সর্বাধিক ২০৩৫ চনলৈকে বৈধ হৈ থাকিব। 

যোৱা মে'ত আৰম্ভ হোৱা এই নতুন প্রণালী এতিয়া দেশৰ ৩৭টা আঞ্চলিক পাছপ'র্ট কার্যালয়, ৯৩টা পাছপ'ৰ্ট সেৱা কেন্দ্র, ৪৫১টা ডাকঘৰ পাছপ'ৰ্ট সেৱা কেন্দ্ৰত পূৰ্ণ পৰ্যায়ত কাৰ্যকৰী কৰা হৈছে।

Share This