ডিজিটেল ডেস্ক : মধ্যপ্রাচ্যৰ সংকটৰ ফলত ইন্ধনৰ দাম বৃদ্ধি, সাৰৰ নাটনি আৰু এল নিন'ৱে ব্যাপক হাৰত নেতিবাচক প্রভাৱ পেলোৱাৰ আশংকাৰ ফলত চলিত বছৰটো ভাৰতৰ বাবে এক অগ্নিপৰীক্ষা স্বৰূপ হ'ব বুলি বিশেষজ্ঞসকলে সতৰ্ক কৰি দিয়ে। বিশেষজ্ঞসকলৰ মতে, এই সমস্যাই দেশৰ কৃষি খণ্ডত উন্নয়ন স্থবিৰ কৰি সংকটৰ সৃষ্টি কৰিব পাৰে। এই প্রসংগত প্রখ্যাত অর্থনীতিবিদ অশোক গুলাটিয়ে কয় যে চলিত বছৰত এল নিন'ৰ প্ৰভাৱত বৰষুণৰ পৰিমাণৰ হাৰ হ্ৰাস পাব পাৰে। ফলত কৃষি খণ্ডৰ উন্নয়ন শূন্য হৈ পৰিব পাৰে আৰু আনকি ঋণাত্মক হৈ পৰাৰ সম্ভাৱনাও আছে।
ইণ্ডিয়ান কাউন্সিল ফৰ ৰিছাৰ্চ অন ইণ্টাৰনেশ্যনেল ইক'নমিক ৰিলেশ্যনৰ ডিষ্টিংগুইছ অধ্যাপক তথা এগ্রিকালচাৰেল কষ্টছ এণ্ড প্ৰাইচেজৰ প্ৰাক্তন অধ্যক্ষ গুলাটিয়ে কয়, 'বৰষুণ ক'ত, কেতিয়া আৰু কিমান হ'ব তাক ভিত্তি কৰি কৃষিখণ্ডৰ উন্নয়ন শূন্য হৈ পৰিব পাৰে, আনকি ঋণাত্মকো হ'ব পাৰে।'
গুলাটিয়ে কয় যে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে শক্তিশালী এল নিন'ৰ অনুমান কৰিছে। বৰষুণৰ দীৰ্ঘম্যাদী গড় (এল পি এ) ৯০% হ'ব বুলি অনুমান কৰিছে। সেয়েহে খেতিৰ বাবে চলিত বছৰটো অতি বেয়া হ'ব, বিশেষকৈ যিসকল খেতিয়কে খেতৰি পৰাই সিংহ ভাগ উপার্জন কৰে, তেওঁলোকৰ বাবে বছৰটোৱে দুৰ্দশা কঢ়িয়াই আনিব পাৰে। তেওঁৰ মতে, চলিত বছৰটোত খৰাংসদৃশ পৰিস্থিতিৰ সৃষ্টি হ'ব পাৰে। তেওঁ কয়, 'ইয়াৰ ফলত নিশ্চিত ৰূপত খেতিয়কৰ উপাৰ্জন হ্রাস পাব। ইয়াৰ দেশৰ সমগ্ৰ অৰ্থনীতিত নেতিবাচক প্ৰভাৱ পৰিব। গ্রামীণ অর্থনীতি উপভোগৰ প্ৰধান চালিকাশক্তি। অধিকাংশ উপভোক্তা সামগ্ৰীৰ ৩০-৪০% বিক্রী গ্রামাঞ্চলতে হয়। ইফালে কৃষকৰ আয় দুগুণ কৰাৰ বাবে গঠিত কমিটীৰ প্ৰাক্তন অধ্যক্ষগৰাকীয়ে কয় যে বৰষুণৰ ওপৰত কৃষি নিৰ্ভৰ কৰা অঞ্চলবোৰত ৯৪% বৰষুণ হোৱা মানে ছ'য়াবিন, ৰহৰ, মাটি দাইল আৰু কপাহৰ দৰে কৃষিজাত সামগ্ৰীৰ তীব্ৰ নাটনি হোৱাৰ সম্ভাৱনা আছে। তেওঁ কয়, 'বৰষুণ কম হোৱাৰ ফলত উৎপাদন হ্রাস পালে ই কৃষকৰ আয়ত প্ৰভাৱ পেলাব।' তেওঁ কয় যে ইয়াৰ লগতে ইন্ধনৰ দাম বৃদ্ধি আৰু সাৰৰ নাটনিয়ে কৃষিকার্যত ব্যয় বৃদ্ধি কৰিব। গুলাটিৰ মতে, দেশত মুদ্রাস্ফীতিৰ হাৰ বৃদ্ধি পোৱাটো নিশ্চিত। তেওঁ কয় যে খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি পোৱাটো নিশ্চিত। মুদ্রাস্ফীতিৰ হাৰ ৫%ৰ অধিক হ'ব আৰু অক্টোবৰ-নৱেম্বৰত এই হাৰ ৬%ৰ অধিক হোৱাৰ সম্ভাৱনা আছে। সাৰ, কীটনাশক আৰু কৃষিকার্যত ব্যৱহাৰ হোৱা আন সামগ্ৰীসমূহৰ দাম বৃদ্ধিয়ে কৃষকৰ আয়ত প্ৰভাৱ পেলাব। সাৰৰ নাটনিৰ ফলত কৃষকে অধিক মূল্যত সাৰ ক্ৰয় কৰিবলগীয়া হৈছে।
ইৰান-আমেৰিকাৰ যুদ্ধই যোগান প্ৰণালীত সৃষ্টি কৰা বাধৰ ফলত কৃষিকার্যত ব্যৱহাৰ কৰা ডিজেলৰ দাম বৃদ্ধি পাইছে। জুনৰ পৰা ছেপ্টেম্বৰৰ সময়ছোৱাত বৰষুণৰ পৰিমাণ হ্রাস পোৱাৰ ফলত খাদ্য শস্যৰ উৎপাদনত নেতিবাচক প্ৰভাৱ পৰাৰ আশংকা কৰা হৈছে। ইফালে একাংশ খেতিয়কে কুঁহিয়াৰৰ দৰে বেছি পানীৰ প্রয়োজন হোৱা শস্যৰ খেতি হ্রাস কৰাৰ সিদ্ধান্ত লৈছে। ইয়াৰ পৰিৱৰ্তে কম পানী ব্যৱহাৰ কৰাৰ শস্যৰ খেতি কৰাত অধিক গুৰুত্ব আৰোপ কৰিছে। ৰাজস্থানৰ কৃষকসকলে এই বছৰ ধান আৰু ছ'য়াবিনৰ খেতি কমকৈ কৰাৰ পৰিকল্পনা কৰিছে। আনহাতে, খেতিৰ বতৰত সাৰৰ যোগান হ্রাস পোৱাৰ ফলত কৃষিজাত সামগ্ৰীৰ উৎপাদন হ্রাস পোৱাৰ আশংকাও কৰা হৈছে। ইফালে মহাৰাষ্ট্ৰৰ কৃষক সংগঠন শ্বেতকাৰী সংগঠনৰ এজন নেতাই প্ৰকাশ কৰা মতে, উৎপাদন হ্রাস পাৰে আৰু ইয়াৰ ফলত যোগান হ্রাস পাৰে। কৃষকে অধিক মূল্য পোৱাৰ সম্ভাৱনা কম, কিয়নো চৰকাৰে উপভোক্তাৰ বাবে দাম নির্ধাৰণ কৰে। একাংশ বিশেষজ্ঞই এই বছক দাইল, ধান, ছ'য়াবিন আৰু কপাহৰ দৰে কৃষিজাত সামগ্ৰীৰ উৎপাদনক লৈ উদ্বেগ প্রকাশ কৰিছে। তেওঁলোকৰ মতে, এইবছৰ উৎপাদনত কিছু পৰিমাণে সংকট সৃষ্টি হোৱাৰ আশংকাই দেখা দিছে। ইফালে এডভেন্সাৰ ৱেবল্ল্থৰ এখন প্ৰতিবেদনত কোৱা হৈছে যে বিশ্বৰ বজাৰত খাৰুৱা তেলৰ অত্যধিক দামে ভাৰতৰ অৰ্থনীতিত প্ৰভাৱ পেলাব পাৰে।
প্রতিবেদনখনত কোৱা হৈছে যে ভাৰতীয় অর্থনীতিত খাৰুৱা তেলৰ দাম প্রতি বেৰলত ৯০ ডলাৰলৈকে সহ্য কৰিব পৰা ক্ষমতা আছে। কিন্তু দীঘলীয়া সময়লৈ খাৰুৱা তেলৰ দাম প্রতি বেৰলত ৯০ ডলাৰৰ অধিক হৈ থাকিলে দেশৰ উন্নয়ন, মুদ্রাস্ফীতি আৰু বিদেশী মুদ্রা ভাণ্ডাৰৰ সন্তুলনত প্ৰভাৱ পেলাব পাৰে। ইয়াত কোৱা হৈছে যে তেলৰ বৰ্ধিত দাম ভাৰতৰ মেক্ৰ'-অর্থনীতিৰ বাবে প্রত্যক্ষ ভাবুকি স্বৰূপ। খাৰুৱা তেলৰ দাম প্রতি বেৰলত ১০ ডলাৰ বৃদ্ধি পালে ভাৰতৰ কাৰেণ্ট একাউন্ট ডেফিচিট ১৮০০ কোটি ডলাৰ বৃদ্ধি কৰিব পাৰে। ই মুঠ ঘৰুৱা উৎপাদনৰ ০.৪১%। অৱশ্যে বিশ্বত সৃষ্টি হোৱা অনিশ্চয়তাৰ মাজতো ভাৰতীয় অর্থনীতি যথেষ্ট শক্তিশালী হৈ থকা বুলি ইয়াত কোৱা হৈছে।