ডিজিটেল সংবাদ : ইৰানৰ বিৰুদ্ধে যুদ্ধত মার্কিন সামৰিক বাহিনীয়ে ইলন মাস্কৰ কৃত্রিম বুদ্ধিমত্তা (এ আই) সঁজুলি 'গ্রক' ব্যৱহাৰ কৰিছিল। আমেৰিকা চৰকাৰে মঙলবাৰে এটা অনুষ্ঠানত এই চাঞ্চল্যকৰ তথ্য প্রকাশ কৰে। বিশ্বৰ প্ৰথমজন ট্রিলিয়নেয়াৰৰ কোম্পানীৰ '× এ আই'ৰ এটা বিশাল ডাটা চেণ্টাৰৰ দ্বাৰা ইৰান যুদ্ধত গেছ টার্বাইন ব্যৱহাৰ কৰা হৈছিল।
মার্কিন সামৰিক বাহিনীক কৃত্রিম বুদ্ধিমত্তাৰে পৰিচালিত কৰাৰ পদক্ষেপ হিচাপে ইৰানৰ সৈতে যুদ্ধৰ 'গ্রক' এ আই প্রযুক্তি ব্যৱহাৰ কৰা হৈছিল বুলি মার্কিন ন্যায় বিভাগে প্রকাশ কৰে।
এই সন্দর্ভত আমেৰিকাৰ ন্যায় বিভাগে যুক্তি প্ৰদৰ্শন কৰে যে দেশখনত যুদ্ধৰ সামৰিক অভিযানৰ সমৰ্থনত কৃত্রিম বুদ্ধিমত্তাৰ উদ্ভাৱনৰ বাবে শক্তি যোগান বন্ধ কৰিবলৈ বিচৰাটো আমেৰিকাৰ বাসিন্দাসকলৰ অৰ্থনৈতিক, শক্তি সুৰক্ষাৰ লগতে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ প্ৰতিও ভাবুকি আনিছে। আনহাতে, পেন্টাগনৰ এ আই মুৰব্বীয়ে কয় যে ইতিমধ্যে আমেৰিকাই যুদ্ধ উদ্দেশ্যৰ বাবে এ আই সঁজুলি ব্যৱহাৰ কৰিছিল।