ডিজিটেল ডেস্ক : ২০২৫-২৬ বিত্তীয় বৰ্ষত দেশৰ অৰ্থনীতিৰ ৬.৬ শতাংশ বিকাশ হ'ব। আন্তঃৰাষ্ট্ৰীয় মুদ্রা নিধিয়ে (আইএম এফ) এই বিষয়ত পূর্বানুমান কৰিছে।
আই এম এফৰ 'ৱৰ্ল্ড ইক'নমিক আউটলুক' (ডব্লিউ ই অ')ৰ প্ৰতিবেদন মতে, ২০২৫-২৬ বিত্তীয় বর্ষত উদীয়মান বজাৰ আৰু উন্নয়নশীল অর্থনীতি হিচাপে বিশ্বৰ অন্যতম দ্রুত বিকশিত দেশ ভাৰতে ইয়াৰ বিকাশৰ ধাৰা অব্যাহত ৰাখিব। ভাৰতীয় সামগ্রীত মার্কিন শুল্কৰ প্ৰভাৱকো নেওচি চলিত বিত্তীয় বৰ্ষত ভাৰতৰ শক্তিশালী অর্থনৈতিক দক্ষতা অব্যাহত আছে বুলি আই এম এফৰ প্ৰতিবেদনখনত কোৱা হৈছে।
আনহাতে, চলিত বিত্তীয় বৰ্ষৰ বিকাশৰ ক্ষেত্ৰত চীনকো চেৰ পেলাব ভাৰতে। চীনৰ অৰ্থনীতিৰ বিকাশ ৪.৮ শতাংশ বৃদ্ধি হোৱাৰ পূৰ্বানুমান কৰিছে আই এম এফে। বিভিন্ন দেশৰ বিৰুদ্ধে মার্কিন শুল্ক আৰোপৰ পাছত দেশসমূহত অর্থনৈতিক অস্থিৰতাই বিৰাজ কৰিছিল আৰু এই সময়তে আই এম এফে দেশসমূহৰ বিত্তীয় অৱস্থা আৰু বাণিজ্য চুক্তিসমূহ চালি-জাৰি চাই এই পূর্বানুমান কৰিছে।