'জইণ্ট থিয়েটাৰ কমাণ্ড'ৰ অধীনস্থ হ'ব দেশৰ ৩ সামৰিক বাহিনী

dainik janambhumi February 23, 2026

ডিজিটেল ডেস্ক : দেশৰ সামৰিক গাঁথনিত অভূতপূর্ব পৰিৱর্তন ঘটাবলৈ প্রস্তুতি চলোৱা হৈছে। এটা 'জইন্ট থিয়েটাৰ কমাণ্ড'ৰ অধীনত সেনা, বায়ু সেনা আৰু নৌ সেনা পৰিচালিত হ'ব। এই জইন্ট থিয়েটাৰ কমাণ্ডৰ কার্যকাল বর্তমানৰ পৰা ৫ বছৰৰ বাবে থাকিব। অহা ৩ মাহৰ ভিতৰত আনুষ্ঠানিকভাৱে সামৰিক বাহিনীৰ এই নতুন গাঁথনি কার্যকৰী হ'ব। যিকোনো সামৰিক সংঘৰ্ষৰ সৈতে মোকাবিলা কৰিব পৰাকৈ এই 'জইন্ট কমাণ্ড' গাঁথনি হ'ব আৰু এই সামৰিক গাঁথনিয়ে ভাৰতক অধিক সামৰিক ক্ষেত্রত দ্রুত আৰু শক্তিশালী কৰিব। 

এইক্ষেত্রত ৬০-৭০ শতাংশ সিদ্ধান্ত ইতিমধ্যে লোৱা হৈছে, আনহাতে, দুই চুবুৰীয়া ৰাষ্ট্র পাকিস্তান আৰু চীনৰ সৈতে সীমান্তৰ সুৰক্ষাৰ দিশত ব্যাপক প্রস্তুতি চলোৱা হৈছে। এইটো উল্লেখ কৰাৰ প্রয়োজন যে আমেৰিকা, চীন, ৰাছিয়া আৰু ব্রিটেইনৰ দৰে বিশ্বৰ বহু দেশৰ সামৰিক ব্যৱস্থা এটা 'জইন্ট থিয়েটাৰ কমাণ্ড'ৰ অধীনত পৰিচালিত হয়। চীনৰ এনেধৰণৰ ৫টা যুটীয়া কমাণ্ড আৰু আমেৰিকাৰ ১১টা আছে। 

দেশৰ সেনাৰ সূত্রই প্রকাশ কৰা মতে, যোৱা দশকবোৰত চুবুৰীয়া ৰাষ্ট্ৰ পাকিস্তান আৰু চীনৰ সৈতে হোৱা যুদ্ধৰ পৰা পোৱা অভিজ্ঞতাৰ পাছত ভাৰততো এই নতুন 'জইন্ট থিয়েটাৰ কমাণ্ড'ৰ প্রৱর্তন কৰাৰ বিবেচনা কৰা হৈছে। দেশৰ তিনিওটা সৈন্য বাহিনীয়ে স্বতন্ত্রভাৱে সিদ্ধান্ত লোৱাৰ ক্ষেত্রত প্রায়ে অসুবিধাৰ সম্মুখীন হৈ আহিছে। সেইবাবে এই ব্যবধান আঁতৰ কৰাৰ বাবে নতুন 'জইন্ট থিয়েটাৰ কমাণ্ড'ৰ পৰিকল্পনা কৰা হৈছে।

Share This