ডিজিটেল ডেস্কঃ ভাৰতত নিৰ্মাণ কৰা প্রথমখন চিপ মঙলবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰে। প্ৰধানমন্ত্ৰীয়ে আজি চতুর্থ ছেমিকন ইণ্ডিয়া সন্মিলন মুকলি কৰাৰ সময়তে ভাৰতত নিৰ্মাণ কৰা ইণ্ডিয়া চিপছেট মুকলি কৰে।
কেন্দ্রীয় তথ্য প্রযুক্তি মন্ত্রী অশ্বিনী বৈষ্ণৱে সন্মিলনত প্রধানমন্ত্রীক বিক্রম ৩২-বিট প্রচেছৰ আৰু চাৰিটা আবণ্টিত প্ৰকল্পৰ টেষ্ট চিপ অর্পণ কৰে। প্রধানমন্ত্রীয়ে সন্মিলনত বিক্রম ৩২-বিট প্ৰ'চিপ প্রদর্শনো কৰে। প্ৰধানমন্ত্ৰীয়ে সন্মিলন উদ্বোধন কৰি দিয়া ভাষণত কয় যে ভাৰতত চলিত বছৰৰ শেষৰ ফালে চিপৰ বাণিজ্যিক উৎপাদন আৰম্ভ হ'ব। বিক্রম চিপক ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ (ইছৰ') ছেমিকণ্ডাক্টৰ গৱেষণাগাৰত বিকশিত কৰা হৈছে। ই সম্পূৰ্ণৰূপে ভাৰতত নিৰ্মাণ কৰা ৩২-বিট মাইক্ৰ'প্রচেছৰ। উল্লেখযোগ্য যে যিকোনো সঁজুলিৰ বাবে চিপ অতি প্রয়োজনীয় অংশ। ই মানুহৰ মগজুৰ দৰে কাম কৰে। প্ৰধানমন্ত্ৰীয়ে ভাষণত কয় যে বিশ্বই এতিয়া ভাৰতৰ প্ৰতি আস্থা প্ৰকাশ কৰিছে আৰু ইয়াৰ লগতে ছেমি কণ্ডাক্টৰৰ ভৱিষ্যৎ প্ৰস্তুত কৰাৰ বাবে প্ৰস্তুত হৈছে। ভাষণত প্রধানমন্ত্রীয়ে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্রাম্পৰ শুল্ক দম্ভালিৰো প্ৰত্যুত্তৰ দিয়ে।
প্রধানমন্ত্রীয়ে কয় যে ৰাছিয়াৰ পৰা খাৰুৱা তেল ক্ৰয়ৰ কাৰণে আমেৰিকাই অধিক হাৰত শুল্ক আৰোপ কৰাৰ সময়তে ভাৰতে আশা কৰাতকৈ অধিক ভাল প্ৰদৰ্শন কৰিছে। বিশ্বৰ অৰ্থনীতিয়ে প্রত্যাহবানৰ সন্মুখীন হোৱাৰ সময়তে ভাৰতীয় অর্থনীতিয়ে চমকপ্রদ প্ৰদৰ্শন কৰা বুলি প্রধানমন্ত্রীয়ে উল্লেখ কৰে। যিটো সময়ত বিশ্বৰ অৰ্থনীতি প্রত্যাহবানৰ সন্মুখীন হৈছে সেই সময়তে ভাৰতীয় জি ডি পিৰ উন্নয়নৰ হাৰ ৭.৮% হৈছে। প্রধানমন্ত্রীয়ে লগতে কয় যে চৰকাৰে এই খণ্ডটোত অধিক আগুৱাই নিয়াৰ বাবে 'পৰৱৰ্তী প্ৰজন্মৰ সংস্কাৰ' আৰম্ভ কৰিব। প্ৰধানমন্ত্ৰীয়ে কয়, 'ভাৰতত নিৰ্মাণ কৰা আটাইতকৈ সৰু চিপে বিশ্বত আটাইতকৈ বৃহৎ পৰিৱৰ্তন আনিব।' তেওঁ কয়, 'আগতে খাৰুৱা তেলক ক'লা সোণ বুলি কোৱা হৈছিল, কিন্তু এতিয়া চিপক ডিজিটেল হীৰা বুলি কোৱা হয়।' তেওঁ কয় যে বিশ্বৰ ছেমিকণ্ডাক্টৰৰ বজাৰখন এতিয়া প্রায় ৬০০০০ কোটি ডলাৰৰ। অনাগত কেই বছৰমানৰ ভিতৰত ই এক লাখ ডলাৰ হ'বগৈ। উল্লেখযোগ্য যে তিনি দিনীয়া ছেমিকন ইণ্ডিয়াত ৩৩খন দেশৰ ডেৰশতকৈ অধিক প্রতিনিধি আৰু ৩৫০তকৈ অধিক প্রদর্শকে অংশগ্রহণ কৰিছে।