ডিজিটেল ডেস্ক : মধ্য প্রদেশৰ চিত্রকোটত ৰাম ভৱান নামৰ এজন ব্যক্তিয়ে তেওঁৰ পত্নীৰ সহযোগত এটা দশকধৰি বহুতো শিশুক যৌন নির্যাতন চলাই অহাৰ তথ্য পোহৰলৈ আহিছিল। ৰাজ্যখনৰ জলসিঞ্চন বিভাগৰ কনিষ্ঠ অভিযন্তা হিচাপে পৰিচয় দিয়া ৰাম ভৱানে চিত্ৰকোটৰ এটা ভাৰাঘৰত গোপনে শিশুৰ পৰ্ন অভিযান চলাই আছিল।
কেইবাজনো ভুক্তভোগী শিশুক জড়িত কৰি ৰাম ভৱান আৰু তেওঁৰ পত্নীয়ে ২ লাখতকৈ অধিক শিশু পর্ন ভিডিঅ' প্রস্তুত কৰিছিল। উত্তৰ প্ৰদেশৰ বান্দাৰ এখন বিশেষ আদালতে পকছ' আইনৰ অধীনত অভিযুক্ত দম্পতীৰ বিচাৰ প্ৰক্ৰিয়া সম্পূর্ণ কৰে আৰু শুকুৰবাৰে অভিযুক্ত ৰাম ভৱান আৰু তেওঁৰ পত্নী দুর্গাৱতীক মৃত্যুদণ্ডৰ ৰায় দিয়ে।
উল্লেখযোগ্য যে অনলাইন ভিডিঅ' গেম, চকলেট, ধন দিয়াৰ প্রলোভনেৰে শিশুবোৰক আকৰ্ষিত কৰিছিল এই নিকৃষ্ট দম্পতীয়ে। বান্দা আৰু চিত্রকোট জিলাৰ বিভিন্ন অঞ্চলৰ শিশুবোৰক লক্ষ্য কৰি এই অসাধু কার্য চলাই ছিল দম্পতীটোৱে। ২০২০ চনত চি বি আয়ে এই দম্পতীৰ দুষ্কাৰ্য ধৰা পেলাই তদন্ত আৰম্ভ কৰিছিল।