ডিজিটেল ডেস্ক : পুংখানুপুংখকৈ নোচোৱাকৈ খৰধৰকৈ তথাকথিত বাংলাদেশী খেদা অভিযানৰ বাবে ন্যায়ালয়ৰ ৰোষত পৰিল কেন্দ্ৰীয় চৰকাৰ। 'অনুপ্ৰৱেশকাৰী' আখ্যা দি পশ্চিম বংগৰ বীৰভূম জিলাৰ দুগৰাকী মহিলা আৰু তেওঁলোকৰ পৰিয়ালক বাংলাদেশলৈ বিতাৰণ কৰাৰ কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্ত শুকুৰবাৰে কলকাতা উচ্চ ন্যায়ালয়ে বাতিল কৰে। সোণালী বিবি, ছুইটি বিবি তথা তিনিটি শিশুকে ধৰি পৰিয়ালৰ আন চাৰিজন বিতাৰিত সদস্যক এমাহৰ ভিতৰত ভাৰতলৈ ওভতাই আনিবলৈও উচ্চ ন্যায়ালয়ে নির্দেশ দিয়ে।
মন কৰিবলগীয়া যে উক্ত নির্দেশ সাময়িকভাৱে স্থগিত ৰাখিবলৈ কেন্দ্ৰীয় চৰকাৰে জনোৱা আৱেদনো উচ্চ ন্যায়ালয়ে নাকচ কৰে। উক্ত পৰিয়ালটোক বিতাৰণ কৰাৰ পাছত সংবাদ সংস্থা পি টি আয়ে বীৰভূম জিলাৰ মুৰাৰাইৰ পাইকাৰ অঞ্চল ভ্ৰমণ কৰি সীমান্তৰ এই পাৰে থকা পৰিয়ালটোৰ সদস্যসকলৰ দুৰ্দশাৰ কথা প্রকাশ কৰিছিল।
ভদু শ্বেখ নামৰ লোকজনে দাখিল কৰা বন্দী প্রত্যক্ষীকৰণ আৱেদনৰ সন্দৰ্ভত শুকুৰবাৰে ন্যায়াধীশ তপব্রত চক্রবর্তীৰ নেতৃত্বৰ খণ্ড পীঠে কেন্দ্ৰীয় চৰকাৰক এই নির্দেশ দিয়ে। শ্বেখে কৰা দাবী মতে বীৰভূমৰ মুৰাৰাইৰ বাসিন্দা নমাহৰ গৰ্ভৱতী তেওঁৰ কন্যা সোণালীক তেওঁৰ স্বামী দানেছ শেখ আৰু তেওঁলোকৰ পাঁচবছৰীয়া পুত্ৰক দিল্লীত আটক কৰি বাংলাদেশলৈ বিতাৰণ কৰা হ'ল। বীৰভূমৰে আমীৰ খানেও একে ধৰণৰ দাবী কৰি আন এখন আবেদন দাখিল কৰিছিল। খানৰ মতে তেওঁৰ ভগ্নী ছুইটী বিবি আৰু তেওঁৰ দুবছৰীয়া সন্তানক দিল্লী আৰক্ষীয়ে আটক কৰি বাংলাদেশত সুমুৱাই থৈ আহে। উক্ত লোক কেইগৰাকীক বাংলাদেশ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।