ডিজিটেল ডেস্ক : বিগত কেইবামাহত এছিয়াৰ দুখন দেশ হংকং আৰু ছিংগাপুৰত কভিডৰ প্রাদুৰ্ভাৱ হৈছে। স্বাস্থ্য কর্তৃপক্ষই প্রকাশ কৰা অনুসৰি, ঘন বসতিপূর্ণ হংকং আৰু ছিংগাপুৰত কভিড-১৯ আক্রান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে। এতিয়া সমগ্র এছিয়াতেই কভিড ১৯ বিস্তাৰিত হোৱাৰ আশংকা কৰা হৈছে।
চলিত সপ্তাহত স্থানীয় সংবাদ মাধ্যমে প্রকাশ কৰা অনুসৰি, কভিডৰ ৰোগীৰ সংখ্যা হংকঙত দ্রুতগতিত বৃদ্ধি পাইছে আৰু বছৰটোৰ ভিতৰতে হংকঙত শেহতীয়াকৈ সর্বাধিক কভিড পজিটিভ বোগী চিনাক্ত কৰা হৈছে। যোৱা ৩ মে'লৈকে গুৰুতৰ ৰোগীসহ মৃত্যুৰ সংখ্যা ৩১লৈ বৃদ্ধি পাইছে।
ঠিক সেইদৰে, ছিংগাপুৰতো কভিডৰ সতর্কবাণী জাৰি কৰা হৈছে। মহানগৰখনৰ স্বাস্থ্য বিভাগে সদৰী কৰা অনুসৰি, চলিত মাহতে কভিড ৰোগীৰ সংখ্যা ২৮ শতাংশ বৃদ্ধি হৈ ১৪,২০০জন হৈছে। ইয়াবে ৩০ শতাংশ বোগীক হস্পিটেলত ভর্তি কৰোৱা হৈছে। ছিংগাপুৰতো দৈনিক কভিভত আক্রান্ত ৰোগীৰ সংখ্যা বৃদ্ধি হৈয়ে আছে।