দেশত কভিড ৰোগীৰ সংখ্যা বৃদ্ধি 

dainik janambhumi June 05, 2025

ডিজিটেল ডেস্কঃ দেশত কভিড ৰোগীৰ সংখ্যা বৃদ্ধি পাই আছে। মঙলবাৰে নতুনকৈ ৩০০জনলৈ কৰ'নাৰ সংক্ৰমণ হয়। ইয়াৰে সৰ্বাধিক হৈছে গুজৰাট (১০৮) আৰু মহাৰাষ্ট্ৰৰ (৮৬)। মঙলবাৰৰ নতুনকৈ সংক্রমণ হোৱা লোকক ধৰি দেশত বর্তমান সক্ৰিয় কভিড ৰোগীৰ সংখ্যা ৪৩০২জন হ'লগৈ। 

আনহাতে দেশৰ ২৭খন ৰাজ্য আৰু কেন্দ্রীয় শাসিত অঞ্চলত কৰ'নাৰ সংক্ৰমণ হৈছে। ৯খন ৰাজ্যত এতিয়াও কভিডৰ এজন ৰোগীও নাই। ৰাজ্যসমূহৰ ভিতৰত কেৰালাতে আটাইতকৈ বেছি কভিৰ সক্রিয় ৰোগী আছে (১৩৭৩)। ইয়াৰ পাছতে আছে মহাৰাষ্ট্ৰ (৫১০)। 

আনহাতে দেশৰ মুঠ ১১খন ৰাজ্যত কভিডত আক্রান্ত হৈ মুঠ ৪৪জনৰ মৃত্যু হৈছে। 

অক্সিজেন, আইছ'লেশান বেড আদিৰ সুলভতা নিশ্চিত কৰিবলৈ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ: কৰ'নাৰ সংক্রমণ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত কেন্দ্রীয় চৰকাৰে সকলো ৰাজ্যকে অক্সিজেন, আইছ'লেশ্যন বেড, ভেন্টিলেটৰ আৰু অত্যাৱশ্যকীয় দৰবৰ সুলভতা নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছে। বুধবাৰে চৰকাৰী সূত্ৰই এই কথা জনায়।

Share This