ডিজিটেল ডেস্কঃ আজি উপ-ৰাষ্ট্ৰপতি হিচাপে শপত গ্ৰহণ কৰে চি পি ৰাধাকৃষ্ণণে। চি পি ৰাধাকৃষ্ণণ দেশৰ ১৫সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাপে পৰিগণিত হৈছে। ৰাষ্ট্ৰপতি ভৱনত ৰাধাকৃষ্ণণক উপ-ৰাষ্ট্ৰপতিৰ শপত বাক্য পাঠ কৰোৱায় ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে।
মঙলবাৰে অনুষ্ঠিত উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত যুটীয়া বিৰোধী প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীক পৰাস্ত কৰি চি পি ৰাধাকৃষ্ণণে জয়লাভ কৰে। উল্লেখ্য যে ২১ জুলাইত প্ৰাক্তন উপ-ৰাষ্ট্ৰপতি জগদীপ ধনখৰে হঠাৎ পদত্যাগ কৰাৰ পিছত এই নিৰ্বাচন অনুষ্ঠিত হয়।
ৰাধাকৃষ্ণণ দেশৰ ১৫সংখ্যক উপ-ৰাষ্ট্ৰপতি
মঙলবাৰে ভাৰতৰ ১৫সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হয় এন ডি এৰ প্ৰাৰ্থী ৰাধাকৃষ্ণণ। নিৰ্বাচনৰ অন্তত ৰাজ্য সভাৰ সচিব প্ৰধান আৰু নিৰ্বাচন বিষয়া পি চি মোদীয়ে ফলাফল ঘোষণা কৰি কয় যে ৭৮১জন সাংসদৰ ভিতৰত ৭৬৭জন সাংসদে ভোটদান কৰি ৯৮.২ শতাংশ ভোটদান পঞ্জীয়ন কৰে।
কিমান ভোট লাভ কৰিলে এন ডি এৰ প্ৰাৰ্থীয়ে?
এন ডি এৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণণে লাভ কৰে ৪৫২টা ভোট। আনহাতে, বিৰোধী প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীয়ে লাভ কৰে ৩০০ ভোট। ৯ ছেপ্টেম্বৰত ভোটদানৰ অন্তত এই ফলাফল ঘোষণা কৰা হয়।
উপ-ৰাষ্ট্ৰপতি পদৰ ফলাফল ঘোষণাৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে চি পি ৰাধাকৃষ্ণণক অভিনন্দন জনায়। নৱনিৰ্বাচিত উপ-ৰাষ্ট্ৰপতিগৰাকীয়ে ভাৰতৰ সাংবিধানিক মূল্যবোধ আৰু অধিক শক্তিশালী কৰাৰ লগতে সংসদীয় আলোচনাত ইতিবাচক অৱদান আগবঢ়াব বুলি আস্থা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।
চি পি ৰাধাকৃষ্ণণ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল আছিল
উল্লেখ্য যে চি পি ৰাধাকৃষ্ণণ মহাৰাষ্ট্ৰৰ ৰাজ্যপাল আছিল। এতিয়া যিহেতু তেওঁ দেশৰ উপ-ৰাষ্ট্ৰপতি হৈ পৰিছে, এনে পৰিস্থিতিত মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰ পদ খালী হৈ পৰিল। নতুন ৰাজ্যপাল নিযুক্তি পৰ্যন্ত গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰতক তেওঁৰ কৰ্তব্যৰ উপৰি মহাৰাষ্ট্ৰৰ ৰাজ্যপালৰ কাম-কাজৰ দায়িত্ব অৰ্পণ কৰা হৈছে। এই সন্দৰ্ভত ৰাষ্ট্ৰপতিগৰাকীয়ে আনুষ্ঠানিক বিবৃতিও প্ৰকাশ কৰিছে।
উৎস : প্ৰাগ নিউজ ডিজিটেল